অসম

নিৱনুৱাক বাট দেখুৱাই দোকান খুলিলে জনপ্ৰিয় কণ্ঠশিল্পী বিপিন চাউদাঙেঃ VIDEO

asomiyapratidin

ডিজিটেল সংবাদ, চৰাইদেউঃ চাউদাং ষ্ট'ৰ। দেখাত সাধাৰণ যেন লাগিলেও এয়া কোনো সাধাৰণ ষ্ট'ৰ নহয়। এইখন এখন বিশেষ ষ্ট'ৰ। বিশ্বকৰ্মা পূজাৰ দিনাই শুভ উদ্বোধন কৰা হৈছে এই বিশেষ ষ্ট'ৰখনৰ।

মৰাণ সেউজপুৰত মুকলি কৰা এইখন ষ্ট'ৰৰ গৰাকী জনপ্ৰিয় কণ্ঠশিল্পী বিপিন চাউদাং। এই ষ্ট'ৰত গ্ৰাহকসকলে লাভ কৰিব সূলভ মূল্যৰ সা-সামগ্ৰী।

'চাউদাং ষ্ট'ৰ' নামৰ এই দোকানখন তেওঁৰ শিক্ষিত পত্নী আৰু পুত্ৰই চোৱা চিতা কৰিব বুলি জানিবলৈ দিয়ে। নিবনুৱাসকলক পথ দেখুৱায় শিল্পীগৰাকীয়ে মুকলি কৰা এই সূলভ মূল্যৰ দোকানখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে চৰাইদেউ জিলা উপায়ুক্ত বিবেকানন্দ ফুকনে।

'মইতো গান গায়েই ঘূৰি ফুৰো। মোৰ ল'ৰাটোৱেও লগত ঘূৰি ফুৰে। পত্নীয়েও মোৰ লগতে যাবলগীয়া হয়। পত্নী শিক্ষিত। চাকৰি পিছত দৌৰি নাথাকি তেওঁ এতিয়া এই দোকানখনতেই ব্যস্ত হৈ পৰিব। ল'ৰাটোৱেও ব্যৱসায়ৰ আদিপাঠ শিকিব। সকলোবোৰ ভাবি-চিন্তিয়েই এই সূলভ মূল্যৰ দোকানখন আৰম্ভ কৰিছো।'-এইদৰে কয় জনপ্ৰিয় শিল্পীগৰাকীয়ে।