অসম

বীনাপানি ফাউণ্ডেছনৰ উদ্যোগত দৰিদ্ৰ পৰিয়ালৰ মেধাৱী ছাত্ৰ ছাত্ৰীলৈ আৰ্থিক সাহায্য আৰু সম্বৰ্ধনা প্ৰদান অনুষ্ঠান…

asomiyapratidin

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ নিজৰ সাধনা আৰু কষ্টৰ বলত দৰিদ্ৰতাৰ প্ৰাচীৰ ভাঙি ঢকুৱাখনাৰ নাম উজ্বলোৱা মেধাৱী ছাত্ৰ ছাত্ৰী সকলক সহায় সহযোগ কৰাৰ উদ্দেশ্যে ২০১৬ চনত এঘাৰ গৰাকী মহিলাই গঢ় দিয়া অনুষ্ঠান "বীণাপানি ফাউণ্ডেছনে" আজি চতুৰ্থ বৰ্ষৰ বাবে ঢকুৱাখনাৰ নাম উজ্বলোৱা একাংশ মেধাৱী ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা তথা সাহায্য প্ৰদান কৰে। ঢকুৱাখনা চৰকাৰী মজলীয়া বিদ্যালয়ৰ সভাগৃহত সভানেত্রী জিনু কোঁৱৰ গগৈৰ সঞ্চালনাত ১১ গৰাকী মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ শিক্ষাৰ্থীক নগদ অৰ্থ সাহায্য প্ৰদান কৰা হয়।

ঢকুৱাখনা মহাবিদ্যালয়ৰ প্ৰাক্তন উপাধ্যক্ষ পূৰ্ণানন্দ গগৈয়ে উদ্বোধন কৰা সভাখনত নিৰ্দিষ্ট বক্তা ৰূপে ভাগ লৈ ঢকুৱাখনা মহাবিদ্যালয়ৰ প্ৰবক্তা সেৱক চুতীয়াই কয় যে- "বহু কৃতি শিক্ষাৰ্থীৰ সফলতাক লৈ আমি গৌৰৱ কৰো যদিও সেই শিক্ষাৰ্থী সকলৰ সামাজিক দায়বদ্ধতা পৰৱৰ্তী সময়ত পৰিলক্ষিত হোৱা দেখা নাযায়। শিক্ষাৰ্থীসকলে শিক্ষাৰ ক্ষেত্ৰত সফলতাৰ সমানে সমাজৰ প্ৰতি দায়বদ্ধ হোৱাটোও প্ৰয়োজন। একোজন শিক্ষাৰ্থী সমাজে তেওঁক দিয়া মৰম আৰু স্বীকৃতিৰ প্ৰতি কৃতজ্ঞ হৈ আগবঢ়া উচিত।"

অনুষ্ঠানতোৰ সম্পাদিকা মৌচুমী গগৈ হাতীবৰুৱাই আঁত ধৰা অনুষ্ঠানটোত ক্ৰমে- দিম্পল বৰুৱা, ভাৰ্গব দত্ত, ঈশান সন্দিকৈ, ৰাজা বুঢ়াগোহাঁই, জ্যোতিপ্ৰভা বৰুৱা, নন্দিতা বৰুৱা, নিমিষা বৰা, গান্দিব কোঁৱৰ, তৃণয়ন বৰা, দীপশিখা বৰুৱা, ঘনজ্যোতি গগৈ, উত্তম দলে, ঘনকান্তি কোঁচ, চুমকি গগৈ আৰু সোমিত্রা দাসক নগদ ধনৰ লগতে মানপত্ৰ দি সম্বৰ্ধনা জনোৱা হয়।

অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি ঢকুৱাখনাৰ মহকুমাধিপতি বৰুৱাই ছাত্ৰ ছাত্ৰী সকলক উদ্দেশ্যি এক হাৰগৰ্ভ ভাষণ আগবঢ়াই। তেঁও প্ৰতিদান নিবিচৰাকৈ কৰা সহায়ৰ দ্বাৰা কিদৰে জীৱন সহায় আৰু প্ৰেৰণা প্ৰয়োজনীয় সময়ত লাভ কৰিব পাৰি তাক উল্লেখ কৰি সকলোকে দায়বদ্ধ আৰু মূল্যবোধসম্পন্ন নাগৰিক হৈ সমাজৰ বাবে কাম কৰি যাবলৈ আহ্বান জনায়। ঢকুৱাখনাৰ শিক্ষাবিদ ধৰণীধৰ কলিতাৰ লগতে অসম বিজ্ঞান সমিতিৰ ঢকুৱাখনা শাখাৰ সম্পাদক ডিগেন্দ্ৰ নাথ হাজৰিকাই অনুষ্ঠানটোত উপস্থিত থাকি লগতে ভাষণ আগবঢ়ায়।।