অসম

বিলাসীপাৰাত ৱাগনাৰে মহতিয়ালে একে পৰিয়ালৰ ৪ সদস্যক, ২জন নিহত

asomiyapratidin

ডিজিটেল সংবাদ, বিলাসীপাৰাঃ বিলাসীপাৰা আৰক্ষী থানাৰ অন্তৰ্গত বাঙালীপাৰাত আজি দুপৰীয়া সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা। তীব্ৰ বেগী ৱাগনাৰ এখনে মহতীয়াই নিয়ে চাৰি পথচাৰীক। ফলত দুজন লোক নিহত হোৱাৰ লগতে গুৰুতৰভাৱে আহত হয় আন দুজন লোক।

হতাহত আটাইকেইজন একেটা পৰিয়ালৰে সদস্য আছিল বুলি জানিব পৰা গৈছে। চাৰিওজন বাঙালীপাৰাৰ বাসিন্দা। ঘটনাৰ বিৱৰণী মতে বিলাসীপাৰা অভিমুখে আহি থকা AS 16 F – 1651 নম্বৰৰ ৱাগনাৰখনে বাঙালীপাৰা গাঁও পঞ্চায়ত কাৰ্যালয়ৰ সমীপত সংঘটিত কৰে এই লোমহৰ্ষক দুৰ্ঘটনা।

তীব্ৰ বেগী বাহনখনে পথৰ দাঁতিৰে খোজ কাঢ়ি বাঙালীপাৰা বজাৰৰ দিশে গৈ থকা অৱস্থাত সম্মুখৰ পৰা প্ৰচণ্ড জোৰে খুন্দা মাৰি মহতিয়াই নিয়ে পৰিয়ালটোক। ফলত থিতাতে নিহত হয় ছহিদ আলম নামৰ ১২ বছৰীয়া শিশুটি।

আনহাতে গুৰুতৰেভাবে আহত আফছানা খাতুন, ছহিদা খাতুন আৰু এটি ডেৰমহীয়া শিশুক স্থানীয় ৰাইজে বিলাসীপাৰা চৰকাৰী চিকিৎসালয়ত ভৰ্তি কৰোৱায়। সংকটজনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে গোৱালপাৰালৈ নিয়াৰ পথত ছহিদা খাতুনৰ মৃত্যু হয়।

ঘটনাটোক লৈ উত্তেজিত হৈ পৰা জনতাই দুৰ্ঘটনা সংঘটিত কৰা বাহনখনৰ ক্ষতিসাধন কৰে। পিছত আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। শোকাৱহ এই দুৰ্ঘটনাটোৱে সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পেলাইছে।