অসম

বিলাসীপাৰাত দুৰ্বৃত্তৰ গুলীত নিহত প্ৰতিষ্ঠিত ব্যৱসায়ী

Asomiya Pratidin

ডিজিটেল ডেস্কঃ বিলাসীপাৰাত বুধবাৰে নিশা সংঘটিত হয় এক চাঞ্চল্যকৰ হত্যাকাণ্ড | মাজনিশা কোনো অচিনাক্ত দুৰ্বৃত্তৰ গুলীত নিহত হয় এজন প্ৰতিষ্ঠিত ব্যৱসায়ী |

বিলাসীপাৰা ৮ নম্বৰ ৱাৰ্ডৰ বটেৰতল ভৈৰৱগঞ্জত সংঘটিত হয় এই ঘটনা। ভৈৰৱগঞ্জৰ ভাড়াঘৰত দুৰ্বৃত্তৰ গুলীত নিহত হয় বাছেৰ আলী(৩৫) নামৰ লোকজন। নিহত বাছেৰ আলীৰ মৃতদেহৰ কাষত আৰক্ষীয়ে উদ্ধাৰ কৰে এটা খালি গুলীৰ কাৰ্টিজ ।

বাছেৰ আলী জেচিবি, ফকলেন, ডাম্পাৰ , শিল, আদি ব্যৱসায়ৰ সৈতে জড়িত আছিল বুলি জানিব পৰা গৈছে । বাছেৰ আলীৰ নিজা ঘৰ বিলাসীপাৰা মহকুমাৰ শালকোচা আৰক্ষী চকীৰ অন্তৰ্গত চুৱাপাতা প্ৰথম খণ্ড গাঁৱত।

নিহত বাছেৰ আলী ৩ সন্তানৰ পিতৃ। হত্যাকাৰীক গ্ৰেপ্তাৰৰ দাবীত বিলাসীপাৰা আৰক্ষী থানা ঘেৰাও কৰে নিহতৰ আত্মীয়ৰ লগতে উত্তেজিত ৰাইজে ।

ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। বৰ্তমান পৰ্যন্ত কাকো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী।