আৰক্ষীৰ জালত বাইক চোৰ, উদ্ধাৰ হৈছে এখনৰ পিছত আন খন চুৰি বাইক

আৰক্ষীৰ জালত বাইক চোৰ, উদ্ধাৰ হৈছে এখনৰ পিছত আন খন চুৰি বাইক

author-image
asomiyapratidin
New Update
আৰক্ষীৰ জালত বাইক চোৰ, উদ্ধাৰ হৈছে এখনৰ পিছত আন খন চুৰি বাইক

ডিজিটেল সংবাদ , নাহৰকটীয়া: বিগত কেইটামান মাহত নাহৰকটীয়া, দুলীয়াজান, নামৰূপ, টিংখং, টেঙাখাট আৰু ভাদৈ পাঁচ আলিৰ পৰা মুঠ ৫০ খনকৈ বাইক চুৰি কৰি সন্ত্ৰাসৰ সৃষ্টি কৰা চোৰৰ দলটোৰ এটাৰ পিছত আনটো মাষ্টাৰ মাইণ্ড এতিয়া নাহৰকটীয়া আৰক্ষীৰ জালত।

Advertisment

উল্লেখযোগ্য যে প্ৰায় ২ দিন পূৰ্বে নাগালেণ্ডৰ মন জিলাৰ পৰা এখন ৰয়েল এনফিল্ড হিমালয়া বাইক উদ্ধাৰ কৰাৰ লগতে নাহৰকটীয়া আৰক্ষীয়ে যোৰহাটৰ চোলাধৰা নিৱাসী দুৰ্ধষ বাইক চোৰ নিৰ্মল গগৈক নাহৰকটীয়া কুঞ্জলতা ল'জৰ পৰা গ্ৰেপ্তাৰ কৰে।

আৰক্ষীয়ে মাৰাথান জেৰা চলোৱাত বাইক চোৰ অভিযুক্ত নিৰ্মল গগৈৰ স্বীকাৰোক্তিৰ ভিত্তিত নাহৰকটীয়া ৰাজীৱ ভৱনৰ সমীপৰ পৰা আন এখন চুৰি ৰয়েল এনফিল্ড বাইক উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও দুটাকৈ দুৰ্ধষ বাইক চোৰে আৰক্ষীৰ চকুত ধূলি দি পলাই যাবলৈ সক্ষম হয়।

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ধৃত নিৰ্মল গগৈক আদালত হাজিৰ কৰি চাৰি দিনৰ বাবে নিজৰ জিম্মাত ৰাখি মাৰাথান জেৰা চলাই পুনৰ তেওঁৰ স্বীকাৰোক্তিৰ ভিত্তিত নাহৰকটীয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰজ্যোতি শইকীয়াই নামৰূপ আৰক্ষীৰ সহযোগত অভিযান চলাই নামৰূপ অভয়পুৰৰ পিটি হাজৰিকা(২৩) আৰু জুন বড়ো(২৬) ওৰফে জলকীয়া নামৰ দুৰ্ধৰ্ষ বাইক চোৰক আটক কৰিবলৈ সক্ষম হয়।

ইফালে নাহৰকটীয়া আৰক্ষীয়ে একেদিনাই ঘিলাগুৰি গাওঁত অভিযান চলাই পিটি চাওদাং(২২)নামৰ আন এটা দুৰ্ধৰ্ষ বাইক চোৰক আটক কৰাৰ লগতে এখন এছ-০৬-এডি-০৬৬২ নম্বৰৰ পালচাৰ ২২০ বাইক খন উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

শেহতীয়াকৈ নাহৰকটীয়া আৰক্ষীয়ে আটাইকেইটা বাইক চোৰক আদালতত হাজিৰ কৰি নিজৰ জিম্মাত লোৱাৰ লগতে চোৰৰ দলটো আৰু চুৰি হোৱা বাইক কেইখনৰ সন্ধানত তীব্ৰ অভিযান অব্যাহত ৰাখিছে বুলি আৰক্ষীৰ সূত্ৰই জানিবলৈ দিয়ে ।

assam Assam police