অসম

বাইকে খুন্দিয়ালে বাইকক, ভাৰত-ভূটান পথত আহত ৪ যুৱক

asomiyapratidin

ডিজিটেল সংবাদ,তুলসীবাৰীঃ ৰাজ্যৰ চৌদিশে দুৰ্গা পূজাৰ আনন্দ-উলাহ আৰম্ভ হোৱাৰ সময়তে পথ দুৰ্ঘটনাত আহত হৈ চিকিৎসাধীন হ'ব লগা হ'ল চাৰিজনকৈ যুবক। এই ঘটনা ৰঙিয়াৰ তুলসীবাৰীৰ সমীপৰ ভাৰত-ভূটান পথৰ ঘোগা দলঙত।

দুৰ্ঘটনাত আহত যুবক কেইজন হ'ল তুলসীবাৰীৰ ভূবন দে (২২), তৰণীৰ মকিবৰ ৰহমান (১৬), চফিকুল আলী (১৮) আৰু ৰফিকুল ইচলাম। তামুলপুৰৰ পৰা একে দিশেৰে ৰঙিয়া অভিমুখে তীব্ৰবেগেৰে আহি থকা বাইক দুখনৰ সংঘৰ্ষ হোৱাত আৰোহী চাৰিগৰাকী গুৰুতৰভাবে আহত হয়।

স্থানীয় লোকসকলে যুবক কেইজনক উদ্ধাৰ কৰি ৰঙিয়া নগৰস্থিত পলিক্লিনিক হাস্পাতালত ভৰ্তি কৰায়। পিছত আহত আটাইকেইজনৰে অৱস্থা সংকটজনক হৈ পৰাত জি এম চি এইছলৈ প্ৰেৰণ কৰে।