অসম

বিজনীত শোকাৱহ পথ দুৰ্ঘটনা, নিহত বাইক আৰোহী…

asomiyapratidin

ডিজিটেল সংবাদ, চিৰাং: চিৰাঙৰ বিজনীৰ বড়োবজাৰত মঙলবাৰে এক শোকাবহ মটৰচাইকেল দুৰ্ঘটনা সংঘটিত হয়। নিয়ন্ত্ৰণ হেৰুৱাই মটৰ চাইকেল এখনে প্ৰচণ্ড গতিৰে বিদ্যুতৰ খুঁটাত খুন্দিওৱাৰ ফলত থিতাতে নিহত হয় মটৰচাইকেল আৰোহীজন । নিহত মটৰচাইকেল আৰোহী জনক বঙাইগাঁও জিলাৰ চৌৰাগুৰীৰ বাসিন্দা নিৰঞ্জন সৰকাৰ (২৭) বুলি চিনাক্ত কৰা হয় । নিৰঞ্জন সৰকাৰ পেচাত এজন ৰাজমিস্ত্ৰী আছিলে ।

মঙলবাৰে নিজগৃহৰ পৰা এএছ ১৯বি ৩৩২১ পঞ্জীয়ন নম্বৰৰ বাজাজ পালচাৰ মটৰ চাইকেলেৰে তীব্ৰ বেগেৰে বড়োবাজাৰৰ সমীপৱৰ্ত্তী পচলাবাৰীৰ কৰ্মস্থলীলৈ গৈ থকা অৱস্থাত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত থকা বিদ্যুতৰ খুঁটিত প্ৰচণ্ড গতিৰে খুন্দিওৱাৰ ফলতেই শোকাবহ দুৰ্ঘটনাটো সংঘটিত হয় । আৰক্ষীয়ে খবৰ লাভ কৰি দুৰ্ঘটনা উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে কাজলগাঁৱৰ জেএছবি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।