অসম

মথুৰাপুৰত বিহু নাচ-ঢোলবাদনৰ কৰ্মশালা

Asomiya Pratidin

ডিজিটেল সংবাদ, মথুৰাপুৰঃ চৰাইদেউ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু মথুৰাপুৰ শাখা ছাত্ৰ সন্থাৰ সহযোগত শনিবাৰ পৰা মথুৰাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগণত সাতদিনীয়াকৈ বিহু নাচ আৰু ঢোলবাদনৰ কৰ্মশালা অনুষ্ঠিত হৈছে ৷ অহা ১৬ মাৰ্চলৈ অনুষ্ঠিত হ’বলগীয়া এই কৰ্মশালা খনি কণ কণ শিশু পৰা আৰম্ভ কৰি যুৱক-যুৱতীয়ে প্রশিক্ষণ লোৱাৰ উপৰি অঞ্চলটোৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ছাত্র-ছাত্রী অংশগ্ৰহণ কৰে।

দিনৰ ২ বজাৰ পৰা বিয়লি ৫ বজালৈকে অনুষ্ঠিত হোৱা এই কৰ্মশালাখনিত মুখ্য প্রশিক্ষক হিচাপে প্ৰশিক্ষণ দিছে মিন্টু দাসে। কৰ্মশালাখনিৰ সহযোগী প্ৰশিক্ষক হিচাপে উপস্থিত সহযোগিতা আগবাঢ়াই ক্ৰমে দিপক দাস, অম্লান গগৈ, তন্ময় বৰুৱা আৰু ৰিমঝিম ৰাজকুমাৰীয়ে ৷