অসম

আখৰাত ব্যস্ত কলিয়াবৰৰ বিহুৱা-বিহুৱতীঃ প্ৰস্তুতিৰ বুজ লয় মন্ত্ৰী কেশৱ মহন্তই

Asomiya Pratidin

ডিজিটেল সংবাদ,কলিয়াবৰ : কলিয়াবৰত চলি থকা বিহুনাচৰ আখৰাত উপস্থিত স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত। আগন্তুক ১৪ এপ্ৰিলত গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডচত অন্তৰ্ভুক্তিকৰণৰ বাবে সৰুসজাইত আয়োজিত ১১ সহস্ৰাধিক বিহুৱা-বিহুৱতীৰ একত্ৰ প্ৰদৰ্শনৰ বাবে ৰাজ্যৰ সৰ্বত্ৰে পূৰ্ণোদ্যমে প্ৰস্তুতি চলিছে। য'ত উপস্থিত থাকিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।

এই কাৰ্যসূচীত অংশগ্ৰহণৰ বাবে কলিয়াবৰৰ টি আও ষ্টেডিয়ামত চলি থকা বিহুনাচৰ আখৰাত বৃহস্পতিবাৰে স্থানীয় বিধায়ক তথা স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত উপস্থিত থাকি প্ৰস্তুতিৰ সম্পৰ্কে বুজ ল’য় ৷ উদ্যোক্তাসকলে জানিবলৈ দিয়া অনুসৰি, কলিয়াবৰৰ ৭৫ গৰাকী নাচনী আৰু ৩০ জন ঢুলীয়াসহ মুঠ ১০৫ জনীয়া দলটোৱে প্ৰশিক্ষকৰ জৰিয়তে চূড়ান্ত আখৰা চলাই আছে ।