শ’ধোৱা পুখুৰীত বিস্তৃত কাৰ্যসূচীৰে সামৰণি পৰিল বিহু সন্মিলন...
শ’ধোৱা পুখুৰীত বিস্তৃত কাৰ্যসূচীৰে সামৰণি পৰিল বিহু সন্মিলন... 
অসম

শ’ধোৱা পুখুৰীত বিস্তৃত কাৰ্যসূচীৰে সামৰণি পৰিল বিহু সন্মিলন...

Asomiya Pratidin

ডিজিটেল সংবাদ চৰাইদেউঃ চৰাইদেউ জিলাৰ ঐতিহাসিক 'শ' ধোৱা পুখুৰীৰ প্রাঙ্গণত শনি আৰু দেওবাৰে বিভিন্ন কাৰ্যসূচীৰে দুদিনীয়াকৈ অনুষ্ঠিত কৰা ৰঙালী বিহু সন্মিলনৰ সফল সামৰণি পৰে ৷ অসমৰ বোলছবি জগতৰ অভিনেতা অৰুণ হাজৰিকাই উদ্বোধন কৰা সাংস্কৃতিক অনুষ্ঠানত জনপ্ৰিয় কণ্ঠ শিল্পী মন্টুমণি গগৈয়ে গীত পৰিৱেশৰ পিচতেই সন্মিলনৰ সামৰণি পৰে ৷

বিহু সন্মিলনৰ কাৰ্যসূচী অনুসৰি প্ৰথম দিনা উদযাপন সমিতিৰ সভাপতি তথা সোণাৰি বিধানসভা সমষ্টিৰ সভাপতি ধৰ্মেশ্বৰ কোঁৱৰে বিহুৱান উত্তোলনেৰে কাৰ্যসূচী শুভাৰম্ভ কৰাৰ লগে লগেই সাতগৰাকী বিশিষ্ট ব্যক্তিৰ দ্বাৰা সাতখন বিহুৱান উত্তোলন কৰা হয়। ইয়াৰ পিচতেই স্মৃতি তৰ্পণ আৰু গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়িত হয়।

দুপৰীয়া ছাত্ৰ- ছাত্ৰীসকলৰ মাজত ৰচনা- চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰে ৷ বিহুৰ উদযাপন সমিতিয়ে বিহুৰ সৈতে সংগতি ৰাখি বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰাৰ লগতে কণ কণ ল'ৰা ছোৱালী তথা জ্যেষ্ঠসকলৰ মাজত গ্ৰামাঞ্চলৰ পৰা হেৰাই যাবলৈ ধৰা বহু থলুৱা খেল -ধেমালী প্ৰতিযোগিতাৰ আয়োজন কৰে৷

উল্লেখযোগ্য যে প্ৰতি বছৰে চ্যুকাফা-চকিয়াল যুৱ সমাজৰ উদ্যোগত ঐতিহাসিক 'শ'-ধোৱা পুখুৰীৰ পাৰত অনুষ্ঠিত ৰঙালী বিহু সন্মিলন উদযাপন সমিতিয়ে এনেধৰণৰ খেল ধেমালি অনুষ্ঠিত কৰি আহিছে ৷ এইবছৰো চকুত কাপোৰ বান্ধি হাঁহ ধৰা, চকু বান্ধি টেকেলী ভঙা, নাও খেল, মিউজিক চেয়াৰ, কণী যুঁজ আদি পৰম্পৰাগত খেলসমূহ অনুষ্ঠিত কৰে ৷

ইফালে বিহু উদযাপন সমিতিয়ে অনুষ্ঠিত কৰা এই পৰম্পৰাগত খেল-ধেমালীয়ে বিহুতলী জীপাল কৰি তোলে ৷ সন্ধিয়া জ্যেষ্ঠজনৰ পৰা আশীৰ্বাদ গ্রহণ কৰি বিশেষ সম্বৰ্ধনা অনুষ্ঠিত হয় ৷নিশালৈ সদৌ অসম ভিত্তিত অনুষ্ঠিত হুঁচৰি আৰু জেং বিহু প্রতিযোগিতা অসমৰ বিভিন্ন প্ৰান্তৰ বিহুদলে অংশগ্ৰহণ কৰে ৷