অসম

‘অগ্নিপথ’ৰ বিৰুদ্ধে বিহপুৰীয়াত কংগ্ৰেছৰ প্ৰতিবাদ…

asomiyapratidin

ডিজিটেল সংবাদ বিহপুৰীয়া: অগ্নিপথৰ বিৰুদ্ধাচৰণ কৰি সোমবাৰে বিহপুৰীয়া নগৰত লখিমপুৰ জিলা কংগ্ৰেছ কমিটীয়ে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ নিৰ্দেশত তথা বিহপুৰীয়া আৰু নাৰায়ণপুৰ ব্লক কংগ্ৰেছ কমিটীৰ সহযোগত ৰূপায়ন কৰা প্ৰতিবাদী কাৰ্যসূচীত কংগ্ৰেছ নেতা কৰ্মীসকলে 'অগ্নিপথ' আঁচনি বাতিল কৰক,বিজেপি চৰকাৰ হাই হাই আদি বিভিন্ন ধ্বনিৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদকাৰী সকলে শীঘ্ৰে নিবনুৱা বিৰোধী অগ্নিপথ আচঁনি বাতিল কৰিবৰ বাবে দাবী জনাই ৷