অসম

বিহালীৰ মৰেল পুলিচগিৰিত জড়িত ৬ মহিলা এতিয়া ৰঙাঘৰৰ আলহী

asomiyapratidin

ডিজিটেল সংবাদ, উত্তৰ অসমঃ বন্ধন বেংকৰ ঋণৰ কিস্তি পৰিশোধ কৰিব নোৱৰাৰ বাবেই ১২ ছেপ্তেম্বৰত বিহালীৰ ৰৌমাৰীত এগৰাকী মহিলা অমানুষিক অত্যাচাৰৰ বলি হৈছিল। নাৰীৰ ওপৰত নাৰী নিৰ্যাতনৰ সেই ঘটনাই ৰাজ্যজুৰি তুমুল প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল। ভাইৰেল হৈ পৰা ভিডিঅ' চাই সকলোৱে ধিক্কাৰ দিছিল মৰেল পুলিচগিৰিত জড়িত মহিলা কেইগৰাকীক।

ঘটনাৰ পিছদিনা বিহালী আৰক্ষীয়ে বিশ্বনাথ জিলা আৰক্ষী অধীক্ষকৰ নিৰ্দেশত অভিযুক্ত মহিলা কেইগৰাকীক গ্ৰেপ্তাৰ কৰে। অভিযুক্ত কেইগৰাকীৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ১২০(বি)/৩৪২/৩২৬/৩৪ ধাৰাৰ অধীনত বিহালী থানাত ১০২/১৮ নম্বৰত গোচৰ ৰুজু কৰি আৰক্ষীয়ে বিশ্বনাথ আদালতত হাজিৰ কৰে।

আদালতে আটাইকেইগৰাকী অভিযুক্ত মহিলাকে জেল হাজোতলৈ প্ৰেৰণ কৰাৰ নিৰ্দেশ দিয়ে। আইন হাতত তুলি লোৱা বিহালী ৰৌমাৰীৰ জিনা বৰা, ববী ৰাজখোৱা, ৰুপা বৰা, ৰিতুমনি বৰা,জোনালী ৰাজখোৱা আৰু মৌচুমী শইকীয়া সম্প্ৰতি বিশ্বনাথ কাৰাগাৰত।

ইপিনে, যিখন গাড়ীৰে মহিলাগৰাকীক একপ্ৰকাৰ অপহৰণ কৰি আনিছিল সেই গাড়ীখন জব্দ নকৰা আৰু ঘটনাৰ লগত জড়িত আন মানুহক তদন্তৰ আওতালৈ অনা নাই বুলি অভিযোগ উঠিছে। তদন্ত ক্ষিপ্ৰতাৰে হোৱা নাই আৰু ঘটনাৰ লগত জড়িত আনসকলক কিয় গ্ৰেপ্তাৰ কৰা নাই বুলিও একাংশ লোকে আৰক্ষীৰ তদন্তৰ নিৰপেক্ষতাৰ ওপৰত সন্দেহ প্ৰকাশ কৰিছে।