অসম

বিহালীৰ চেনিমাৰীত বন্যহস্তীৰ তাণ্ডৱ, পাঁচটাকৈ গৃহ লণ্ডভণ্ড কৰি ওৰে নিশা চলালে সন্ত্ৰাস

asomiyapratidin

ডিজিটেল সংবাদ, বিহালীঃ আঘোণ-পুহ মাহ আৰম্ভ হোৱাৰ লগে লগে বিহালীৰ বিভিন্ন প্ৰান্তত সন্ত্ৰাসৰ অন্যতম কাৰক হৈ পৰে বন্য হস্তীৰ তাণ্ডৱ। পথাৰৰ পকা ধান খাবলৈ অৰুণাচলৰ সীমান্তৰ বিহালী সংৰক্ষিত বনাঞ্চলৰ পৰা প্ৰতি বছৰে খাদ্যৰ সন্ধানত ওলাই অহা বনৰীয়া হাতীৰ জাকে দুখীয়া কৃষক ৰাইজক বাৰুকৈয়ে জলাকলা খুৱাই আহিছে।

এইবছৰো ইয়াৰ ব্যতিক্ৰম নহ'ল।প্ৰায় ১০০/১৫০বনৰীয়া হাতীৰ জাকে কেইবাদিনো ধৰি দলনি, ৰাংছালী, কমাৰপুখুৰী ইত্যাদি অঞ্চলত কৃষক ৰাইজৰ পকা ধান খাই ক্ষতি সাধন কৰাৰ পাছত মঙলবাৰে নিশা এটা দতাঁল হাতীয়ে কমাৰপুখুৰী চেনিমাৰী সংযোগী অঞ্চলত প্ৰবেশ কৰি নাৰা বাউৰী, টিপনা বাউৰী, সুফল বাউৰী, দীপক বাউৰী আৰু বিপুল বৰদলৈ নামৰ দিন হাজিৰা কৰি জীৱিকা নিৰ্বাহ কৰা দুখীয়া শ্ৰমিক পৰিয়াল কেইটাৰ বাসগৃহ সম্পূৰ্ণৰূপে লণ্ডভণ্ড কৰে। বহুসময়লৈকে এই অঞ্চলত হাতীটোৱে সন্ত্ৰাস চলাই থকাত অৱশেষত বন বিভাগৰ বিশেষ তৎপৰতাত হাতীটো অন্য অঞ্চললৈ গতি কৰাত গাঁওখনৰ বহুঘৰ লণ্ডভণ্ড কৰাৰ পৰা ৰক্ষা পৰে।