অসম

জগত গুৰুৰ বন্দনাৰে মুখৰিত বিহালীৰ আকাশ-বতাহ

asomiyapratidin

ডিজিটেল সংবাদ, উত্তৰ অসমঃ অহা ৩, ৪ আৰু ৫ ফেব্ৰুৱাৰীত বিহালীত অনুষ্ঠিত হ'ব সদৌ অসম ময়ামৰা সাংস্কৃতিক সমাজৰ ৩৪ তম কেন্দ্ৰীয় অধিৱেশন৷ দেওবাৰে ব্যাপক উচাহ উদ্দীপনাৰ মাজেৰে বিহালীৰ জনতা বাকৰিত লাইখুঁটা স্থাপন কৰা হয়৷ এই অনুষ্ঠানত অংশগ্ৰহণ কৰে অসম চৰকাৰৰ জ্যেষ্ঠ কেবিনেট মন্ত্ৰী ৰঞ্জিত দত্তই। য'ত বিহালীৰ অগনন ভক্ত প্ৰাণ বৃন্দইও অংশগ্ৰহণ কৰে।

প্ৰায় ৪৩ লাখ টকাৰ বাজেটেৰে অনুষ্ঠিত হ'বলগীয়া অধিৱেশনত অসম চৰকাৰৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰাৰ লগতে আন কেইবাগৰাকীও মন্ত্ৰীয়ে অংশগ্ৰহণ কৰিব বুলি আদৰণি সমিতিয়ে জানিবলৈ দিয়ে।