অসম

ভূটিয়াচাঙত বনৰীয়া হাতীৰ মৃত্যু..

asomiyapratidin

ডিজিটেল সংবাদ, টংলাঃ ভাৰত-ভূটান সীমান্তৰ ওদালগুৰি জিলাৰ উত্তৰাঞ্চলত বনৰীয়া হাতী আৰু মানুহৰ সংঘাতে তীব্ৰ ৰূপ ধাৰণ কৰিছে ৷ বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা বনৰীয়া হাতীয়ে ৰাজহ গাঁৱত ঘৰ-বাৰী ভাঙি উপদ্ৰৱ চলোৱাৰ উপৰি সঘনাই মানুহৰো প্ৰাণ হানি কৰি আহিছে ৷

শুকুৰবাৰে পুৱতি নিশাও খাদ্যৰ সন্ধানত ওলাই অহা বনৰীয়া জাক এটাই ভূটিয়াচাঙ চাহ বাগিছা এলেকাত সোমাই যদিও বাগিছাৰ সীমান্তত সংস্থাপন কৰি থোৱা ঝাটকা বৈদ্যুতিক ফান্দত বিদ্যুতপৃষ্ট হৈ এটা পৈনত মখনা হাতীৰ মৃত্যু ঘটে ৷