অসম

ওদালগুৰি সাহিত্য সভাৰ উদ্যোগত সুধাকন্ঠ ভূপেন হাজৰিকাৰ ওপজা দিনৰ আয়োজন…

asomiyapratidin

ডিজিটেল সংবাদ, ওদালগুৰি: ভাৰতৰত্ন সুধাকণ্ঠ ভূপেন হাজৰিকাৰ ওপজা দিন অৰ্থাৎ দেওবাৰে দিনজোৰা কাৰ্যসূচীৰে ওদালগুৰি সাহিত্য সভাৰ উদ্যোগত আৰু সুধাকন্ঠ ড° ভূপেন হাজৰিকা প্ৰতিমূৰ্ত্তি নিৰ্মাণ সমিতিৰ সহযোগত অনুষ্ঠিত কৰিবলৈ প্ৰস্তুতি চলোৱা হৈছে।

উক্ত অনুষ্ঠানতে ২০১৯ বৰ্ষৰ অসম চৰকাৰৰ সাহিত্যিক পেঞ্চন লাভ কৰিবলৈ সক্ষম হোৱা ওদালগুৰি সাহিত্য সভাৰ প্ৰাক্তন প্ৰতিষ্ঠাপক সম্পাদক ক্ষীতেশ্বৰ শৰ্মা, ওদালগুৰি জিলা সাহিত্য সভাৰ সভাপতি দেৱৰাজ সাপকোটা আৰু অসম সাহিত্য সভাৰ আজীৱন সদস্য বিষ্ণু শৰ্মা নেওপানেক সম্বৰ্ধনা জনোৱা হ'ব।

কাৰ্যসূচী অনুসৰি পুৱা ৯ বজাত অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰিব সভাপতি বীণাপাণি দেৱীয়ে আৰু সুধাকন্ঠৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰিব উপ সভাপতি প্ৰমোদ বৈশ্যই। বিয়লি ৪ বজাত সুধাকন্ঠৰ সোঁৱৰণত স্মৃতিচাৰণ সভাৰ লগতে গীত মাত কবিতা আবৃত্তিৰ অনুষ্ঠান। বিয়লি ৫.৩০ বজাত তিনি সাহিত্যিকলৈ সম্বৰ্ধনা জ্ঞাপন কৰা হ'ব।

তাৰপাছত সন্ধিয়া ৬.৩০ বজাত বন্তি প্ৰজ্বলন অনুষ্ঠানত অসম সাহিত্য সভাৰ আজীৱন সদস্য-সদস্যা, ওদালগুৰি সাহিত্য সভাৰ প্ৰাক্তন সভাপতি সম্পাদক,বিশিষ্ট নাগৰিক,সাংবাদিক সকলে অংশ গ্ৰহণ কৰিব।সুধাকন্ঠ ড° হাজৰিকাৰ ওপজা দিন আৰু সম্বৰ্ধনা অনুষ্ঠানত সাহিত্যনুৰাগী সকলক উপস্থিত থাকিবলৈ সম্পাদক অজয় কলিতাই অনুৰোধ জনাইছে।