অসম

সমগ্ৰ ৰাজ্যত আজি ভাৰত ৰত্ন, গণ শিল্পী ভূপেন হাজৰিকাক স্মৰণ…

asomiyapratidin

ডিজিটেল ডেস্কঃ সুধাকণ্ঠ, ভাৰতৰত্ন, বিশ্ব বিশ্ৰুত শিল্পী ড০ ভূপেন হাজিৰকাৰ আজি ৯৫ সংখ্যক জন্মবাৰ্ষিকী। যুগজয়ী শিল্পীগৰাকীৰ এই ওপজা দিনটোত সমগ্ৰ অসমবাসীয়ে গীত-মাত-কথাৰে তেওঁক স্মৰণ কৰিব। শিল্পীগৰকাৰীৰ গুণমুগ্ধ তথা অনুৰাগীসকলে তেওঁৰ এই জন্ম বাৰ্ষিকী আড়ম্বৰপূৰ্ণভাৱে পালন কৰিবলৈ সাজু হৈছে।

কোভিড কেন্দ্ৰিক পৰিস্থিতিৰ বাবে বিভিন্ন কঠোৰ নীতি-নিয়ম বাহাল আছে যদিও শিল্পীগৰাকীৰ অনুগৰাগীসকলে তেওঁক স্মৰণ কৰিবলৈ কোভিড বিধি পালন কৰি বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰিছে। পুৱাৰ পৰাই ৰাজ্যৰ বিভিন্ন প্ৰান্তত মুখৰিত হৈছে মহান শিল্পীগৰাকীৰ সৃষ্টিৰাজিৰে।

উল্লেখ্য যে ২০১১ চনৰ ৫ নৱেম্বৰত ভূপেন হাজৰিকাৰ মৃত্যুৰ পিচৰে পৰা ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসে তেওঁৰ জন্ম দিনটোক সমন্বয় দিৱস হিচাপে পালন কৰি আহিছে। এইবাৰো ন্যাস আৰু শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজে যুটীয়াভাৱে 'ভাৰত ৰত্ন ভূপেন হাজৰিকা সংগ্ৰহালয়'ৰ প্ৰেক্ষাগৃহত অনুষ্টুপীয়াকৈ পালন কৰিব সুধাকণ্ঠ ভূপেন হাজৰিকাৰ জন্ম দিন।

একেদৰে জালুকবাৰীত থকা সুধাকণ্ঠৰ সমাধিক্ষেত্ৰত ৰাজ্য চৰকাৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব সুধাকণ্ঠক। দীঘলীপুখুৰী পাৰত সুধাকণ্ঠলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব সদৌ অসম ছাত্ৰ সন্থাই। ছাত্ৰ সন্থাই গোটেই দিনজোৰা কাৰ্যসূচীৰে স্মৰণ কৰিব শিল্পীগৰাকীক। আনহাতে অসমৰ প্ৰতিখন জিলাৰ প্ৰতিটো প্ৰান্ততে সুধাকণ্ঠক স্মৰণ কৰিবলৈ বিভিন্নজন সাজু হৈছে।