অসম

বিতৰ্কত সুধাকণ্ঠক ‘ভাৰত ৰত্ন’, আজি ৰাজ্যসভাত উত্থাপন হ’ব এই বিষয়…

asomiyapratidin

ডিজিটেল ডেস্কঃ 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল ডেস্কে প্রথম পোহৰলৈ আনিছিল এই খবৰ। ভূপেন হাজৰিকাৰ আমেৰিকাত থকা পুত্ৰ তেজ হাজৰিকাৰ সৈতে হোৱা টেলিফোনিক বাৰ্তালাপত সুধাকণ্ঠৰ পুত্ৰই 'ভাৰত ৰত্ন'ৰ প্ৰতি অনীহা ব্যক্ত কৰিছিল। ব্যক্তিগতভাৱে তেওঁ সুধাকণ্ঠলৈ আগবঢ়োৱা ভাৰত ৰত্ন ল'বলৈ অস্বীকাৰ কৰি কৈছিল যে- আজি তাৰিখত পিতৃ জীয়াই থকা হ'লে এই বঁটা গ্ৰহণ নকৰিলে হয়।

দেশৰ সৰ্বোচ্চ সন্মান ভাৰত ৰত্ন ল'বলৈ অনীহা ব্যক্ত কৰি লগতে তেওঁ কৈছিল- আজিৰ পৰিপ্ৰেক্ষিতত অসম আৰু অসমীয়াই অস্তিত্বক লৈ যি পৰিস্থিতিৰ সন্মুখীন হৈছে, তেনে পৰিস্থিতিত এনে সন্মান গ্ৰহণ কৰাতো সম্ভৱ নহয়। অসমীয়া প্ৰতিদিনৰ ডিজিটেল ডেস্কত প্ৰকাশিত এই খবৰৰ পাছতেই দেশজুৰি হাহাকাৰ সৃষ্টি হৈছিল। সাংবাদিক মৃদুল কুমাৰ সন্দিকৈৰ সৈতে হোৱা টেলিফোনিক সাক্ষাৎকাৰৰ আধাৰত প্ৰকাশিত এই খবৰৰ পাছতেই তেজ হাজৰিকাই এক বিবৃতিযোগে সুধাকণ্ঠক ভাৰত ৰত্ন সমান যচাক লৈ অসন্তুষ্টি ব্যক্ত কৰিছিল আনুষ্ঠানিকভাৱে।

এই খবৰে দিল্লী আৰু দিছপুৰতো জোঁকাৰণি সৃষ্টি কৰিছে। সুধাকণ্ঠক ভাৰত ৰত্ন যচাৰ নামত নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ সৃষ্টি হোৱা ক্ষোভ আৰু আৱেগক প্ৰশমিত কৰাৰ চেষ্টা কৰিছিল বিজেপি চৰকাৰে। কিন্তু পুত্ৰৰ এই স্থিতিৰ পাছত আজি ৰাজ্য সভাত অসমীয়া প্ৰতিদিনৰ ডিজিটেল সংস্কৰণে প্ৰকাশ কৰা খবৰৰ ভিত্তিত বিষয়টো উত্থাপন কৰিব ৰাজ্যসভাৰ সাংসদ ৰিপুন বৰাই।  সুধাকণ্ঠৰ পুত্ৰ তেজ হাজৰিকাই আমেৰিকাৰ পৰা এই সন্মানৰ বিৰোধিতাৰে কৰা মন্তব্যৰ ওপৰত লৈ বিষয়টো সদনত উত্থাপন কৰিব সাংসদ গৰাকীয়ে।

ইতিমধ্যে তেজ হাজৰিকাক তেওঁৰ স্থিতি সলনি কৰিবলৈ বিভিন্ন পক্ষই যোগাযোগ অব্যাহত ৰাখিছে। সুধাকণ্ঠৰ পৰিয়ালৰ কিছু সদস্যই এই বঁটা গ্ৰহণ কৰা নকৰা সন্দৰ্ভত ব্যক্তিগতভাৱে মন্তব্য ব্যক্ত কৰিছে যদিও, সুধাকণ্ঠক মুখাগ্নি কৰা সূত্ৰে আৰু একমাত্ৰ পুত্ৰ হিচাপে তেজ হাজৰিকাৰ এই স্থিতিয়ে বিমূৰত পেলাইছে মোডী চৰকাৰক।