অসম

বট্ৰদৱাত কংগ্ৰেছৰ সভাপতি ভূপেন বৰাঃচৰকাৰৰ ব্যর্থতাৰ বাবেই সীমান্তত আৰক্ষী জোৱানে প্ৰাণ হেৰুৱাবলগীয়া হৈছে

asomiyapratidin

ডিজিটেল সংবাদ বটদ্ৰৱাঃ বট্ৰদৱাত কংগ্ৰেছৰ নৱ নিৰ্বাচিত সভাপতি ভূপেন বৰাই অসম-মিজোৰাম সীমান্তৰ ঘটনাৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। তেওঁ এই বিষয়ত কৈছে, বৰ্তমানৰ চৰকাৰখনে অভিসন্ধি মূলক কাৰ্যত জড়িত হৈছে। কোভিড-১৯ ৰ সময়ত আচল বিষয়ক তলপেলাবলৈ চৰকাৰৰ এই ব্যৱস্থাত ৰহস্যজনক। যাৰ বাবে সাত জনকৈ আৰক্ষী জোৱানৰ প্ৰান যাবলগীয়া হল। গৰুৰ চোৰাং ব্যৱসায়ীক গুলীয়াবলৈ ৰাজহুৱাকৈ আদেশ দিছে মূখ্যমন্ত্ৰী গৰাকীয়ে কিন্তু সীমান্ত পৰিস্থিতিত সামৰিক বাহিনীয়ে কি কৰিব তাৰ নিৰ্দেশ দিয়াৰ পৰা বিৰত আছে। মূখ্যমন্ত্ৰীগৰাকীৰ ব্যৰ্থতাৰ বাবে সীমান্তত আৰক্ষী জোৱানে প্ৰাণ হেৰুৱাবলগীয়া হৈছে।

মংগলবাৰে গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাত কংগ্ৰেছৰ নবনিৰ্বাচিত সভাপতি ভূপেন বৰা আৰু কাৰ্যকৰী সভাপতি ৰানা গোস্বামী উপস্থিত হৈ তেল, ধূপ, নৈবেদ্য, শৰাই আগবঢ়াই আশীষ ল'লে গুৰুজনাৰ। জাতীয় সাজ পৰিধান কৰি গুৰুজনাৰ আশীষ লোৱাৰ লগতে থান পৰিচালনা সমিতিৰ লগতো আলোচনাত মিলিত হয় কংগ্ৰেছৰ নবনিৰ্বাচিত সভাপতি ভূপেন বৰা আৰু ৰানা গোস্বামী। সভাপতি গৰাকীৰ বটদ্ৰৱা থান ভ্ৰমন কাৰ্যসূচীত সংগ প্ৰদান কৰে কংগ্ৰেছৰ বটদ্ৰৱাৰ বিধায়িকা শিৱামনি বৰা, বিধায়ক নুৰুল হুদাৰ লগতে শতাধিক কংগ্ৰেছৰ নেতা কৰ্মীয়ে।