অসম

প্ৰধানমন্ত্ৰী মোডী আৰু গৃহমন্ত্ৰী অমিত শ্বাহ সফল হৈছে, মই নীতিগত আদৰ্শৰ ৰাজনীতিত বিশ্বাস কৰোঃ ভূবনেশ্বৰ কলিতা

asomiyapratidin
  • গেৰুৱা সাজ পিন্ধাৰ পিছতে প্ৰথমবাৰৰ বাবে দেওবাৰে বিজেপিৰ কাৰ্যালয়ত উপস্থিত হয় প্ৰাক্তন সাংসদ ভূবনেশ্বৰ কলিতা।
  • ভূবনেশ্বৰ কলিতাক বিজেপি সমৰ্থকৰ আদৰণি।
  • সংবাদমেল সম্বোধন কৰি কংগ্ৰেছ ত্যাগ কৰি বিজেপি যোগদানৰ কাৰণ কলে প্ৰাক্তন জ্যেষ্ঠ কংগ্ৰেছী গৰাকীয়ে।
  • বিজেপিৰ কাম কাজৰ প্ৰতি আকৰ্ষিত হৈ দলত যোগ দিয়াৰ কথা প্ৰকাশ।
  • তেওঁ লগতে নীতিগত আদৰ্শৰ ৰাজনীতিত বিশ্বাস কৰে বুলিও মন্তব্য কৰিলে।
  • প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, গৃহমন্ত্ৰী অমিত শ্বাহকো প্ৰশংসা।
  • কলে প্ৰধানমন্ত্ৰী মোডী আৰু গৃহমন্ত্ৰী অমিত শ্বাহ সফল হৈছে।
  • তিনি তালাক, ৩৭০কে ধৰি বিভিন্ন দিশত ভাৰতবৰ্ষ সফল হৈছে বুলিও প্ৰাক্তন সাংসদগৰাকীয়ে মন্তব্য কৰে।
  • ইফালে ভূবনেশ্বৰ কলিতাই কংগ্ৰেছ এৰি বিজেপিলৈ অহাৰ প্ৰসংগত মন্তব্য কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
  • তেওঁৰ মতে, ভূবনেশ্বৰ কলিতাই শ্যামা প্ৰসাদ মুখাৰ্জী আৰু দীনদয়াল উপাধ্যায়ৰ নীতি মানি এতিয়া কাম কৰিব।
  • লগতে কয়, ৩৭০ ধাৰাৰ ওপৰত ৰাজ্যসভাত যি বিতৰ্ক হৈছিল তাৰ বাবে কংগ্ৰেছ ত্যাগ কৰিছে ভুবনেশ্বৰ কলিতাই।