অসম

বিশিষ্ট নাট্যকাৰ সেৱাব্ৰত বৰুৱাক অসম সাহিত্য সভাৰ ‘ভ্ৰাম্যমাণ থিয়েটাৰ বটাঁ’ প্ৰদান…

asomiyapratidin

ডিজিটেল সংবাদ, বিহপুৰীয়া: অসম সাহিত্য সভাই নাট্য সাহিত্যলৈ আগবঢ়োৱা অবদানৰ বাবে আগবঢ়াই অহা ভ্ৰাম্যমাণ থিয়েটাৰ বটাঁ, ২০১৯ প্ৰদান কৰে বিশিষ্ট নাট্যকাৰ পৰিচালক সেৱাব্ৰত বৰুৱাক৷ সাহিত্য সভাৰ ভ্ৰাম্যমাণ নাট পৰিমণ্ডলেৰে মৈত্ৰী বন্ধন উপ-সমিতিৰ উদ্যোগত যোৱা ১১ আগষ্টত নলবাৰী নাট্যমন্দিৰত অনুষ্ঠিত বটাঁ প্ৰদান অনুষ্ঠানত শাৰীৰিক অসুস্থতাৰ বাবেই উপস্থিত থাকিব নোৱাৰা বিশিষ্ট নাট্যকাৰ গৰাকীক তেওঁৰ বাসগৃহতে সভাৰ প্ৰতিনিধি সকলে এই বটাঁ প্ৰদান কৰে৷

বটাঁ গ্ৰহণ কৰি বিশিষ্ট নাট্যকাৰ গৰাকীয়ে তেওঁ যে প্ৰথম অৱস্থাত অপেছাদাৰী নাট্যগোষ্ঠীৰ বাবেহে নাটক লিখিছিল আৰু পৰবৰ্তী সময়ত পেছাদাৰি নাট্যজগতৰ লগত জড়িত হৈ পৰিছিল সেই কথা অৱগত কৰে ৷ সভাৰ পৰা বটাঁ গ্ৰহণৰ দিনটোৱেই হয়তো তেওঁৰ শেষ ৰাজহুৱা অনুষ্ঠান বুলি মন্তব্য কৰি কয় যে, মৃত্যুৰ পিছত যাতে কোনো ধৰণৰ সোৱঁৰণি সভা অথবা তেওঁৰ মৃতদেহ লৈ সমদল বাহিৰ নকৰে।

বিশিষ্ট নাট্যকাৰ গৰাকীৰ এই মন্তব্যই সকলোকে আৱেগিক কৰি তোলে আৰু সকলোৱেই তেওঁৰ দীৰ্ঘায়ু কামনা কৰে৷ বিহপুৰীয়া শাখা সাহিত্য সভাৰ সম্পাদক প্ৰবীন হাজৰিকাই আতঁ ধৰা বটাঁ প্ৰদান অনুষ্ঠানত অসম সাহিত্য সভাৰ হৈ দয়ানন্দ গোস্বামী, বিপুল শইকীয়া, বিপুল শৰ্মা বৰুৱা, প্ৰশান্ত মোদক আদি কেইবাগৰাকীও প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে৷

ইফালে, বিহপুৰীয়া শাখা সাহিত্য সভাৰ সভানেত্ৰী চন্দিকা দত্ত কোৱঁৰৰ লগতে ড° ৰাজেন্দ্ৰ নাথ সভাপণ্ডিত, অনিল কাকতি, নগেন গোস্বামী, ডা° বিপুল নেওঁগ, মহেন শৰ্মা, কৃষ্ণ পাল, কমল মহেশ্বৰি, সুখৱন্ত সিং, চন্দ্ৰ নেওঁগ, মানিক শৰ্মা, হৰিপ্ৰসাদ শৰ্মা, নগেন শইকীয়া, সত্যব্ৰত বৰুৱা আদি সাহিত্যনুৰাগী সকলে অসম সাহিত্য সভাৰ ভ্ৰাম্যমাণ থিয়েটাৰ বটাঁপ্ৰাপক সেৱাব্ৰত বৰুৱাক অভিনন্দন জ্ঞাপন কৰে ৷