অসম

ৰাষ্ট্ৰীয় পোষণ মাহ উপলক্ষে ভোমোৰাগুৰি গাওঁ পঞ্চায়তত পুষ্টি অভিযান…

asomiyapratidin

ডিজিটেল সংবাদ, বটদ্ৰৱা: অসম ৰাজ্যিক গ্ৰামীণ জীবিকা অভিযানৰ বটদ্ৰৱা উন্নয়ন খণ্ডৰ উদ্যোগত, বটদ্ৰৱা সংহত শিশু উন্নয়ন প্ৰকল্পৰ সহযোগত ৰাষ্ট্ৰীয় পোষণ মাহ উপলক্ষে শনিবাৰে পুষ্টি অভিযানৰ বিভিন্ন কাৰ্য্যসূচী সম্পন্ন হয়। সেই মৰ্মে ভোমোৰাগুৰি গাওঁ পঞ্চায়তত অনুুষ্ঠিত পুষ্টি অভিযান উপলক্ষে অনুষ্ঠিত সভা খনিৰ আঁত ধৰে অসম ৰাজ্যিক গ্ৰামীণ জীবিকা অভিযানৰ বটদ্ৰৱা উন্নয়ন খণ্ডৰ সমন্বয়ক মৌচম কলিতাই।

ভোমোৰাগুৰি উপ-স্বাস্থ্য কেন্দ্ৰৰ স্বাস্থ্য কৰ্মী গুণ শইকীয়া, আশা পৰ্যবেক্ষক ৰঞ্জনা দেবী, মমিনা গগৈ, জিবীকা সখী বৰ্ণালী শইকীয়াই ভাষণ প্ৰদান কৰা অনুষ্ঠানটিত অঞ্চলটোৰ পাঁচ শতাধিক মহিলা উপস্থিত থাকে। সভাৰ শেষত উপস্থিত মহিলা সকলে হাতে হাতে বেনাৰ পষ্টাৰ লৈ 'সঠিক পুষ্টি দেশত জোতি' শীৰ্ষক শ্ল'গানেৰে সমগ্র ভোমোৰাগুৰি অঞ্চলত এক শোভাযাত্ৰা উলিয়াই।