অসম

বেকাজানত অনুষ্ঠিত সদৌ অসম ভাওনা প্ৰতিযোগিতাৰ সামৰণি

Asomiya Pratidin

ডিজিটেল সংবাদ, বেকাজানঃ বৰহোলাৰ অসম-নাগালেণ্ড সীমান্তত বেকাজানত মণিকাঞ্চন নাট্যগোষ্ঠীৰ উদ্যোগত ১৮ মাৰ্চৰ পৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে পাঁচ দিনীয়াকৈ অনুষ্ঠিত হোৱা সদৌ অসম ভাওনা প্ৰতিযোগিতাৰ কালি সফল সামৰণি পৰে। সামৰণিৰ নিশা ভাওনা উদযাপন স্থলীত উপস্থিত হয় সাংসদ তথা কাজিৰঙা লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছা। তাছাই বেকাজান অঞ্চলৰ ৰাইজ, ভাওনা উদযাপন সমিতি বিষয়ববীয়া আৰু ভাওৰীয়াসকলৰ সৈতে ক্ষন্তেক মতবিনিময় কৰে। লগতে ভাওনাস্থলীত অদৃশ্যজনৰ চৰণত সেৱা লৈ আশীৰ্বাদ বিচাৰে।

ভাওনা উদযাপন সমিতিৰ বিষয়ববীয়া সকলে কেইবাশতাধিক ৰাইজৰ উপস্থিতিত গামোছা, স্মাৰক, স্মৃতিগ্ৰন্থ আদিৰে কামাখ্যা প্ৰসাদ তাছাক আদৰণি জনায়। উদযাপন সমিতিৰ সভাপতি বিপুল কছাৰীয়ে জানিবলৈ দিয়ে মতে ভাওনাৰ পাঁচটা দিনত মুঠ দহখন ভাওনাৰ মাজত প্ৰতিযোগিতা অনুষ্ঠিত হয়। অতি আকৰ্ষণীয় ভাওনা কেইখনৰ প্ৰতিটো দিনত বেকাজান অঞ্চলৰ অগনণ ৰাইজে উপভোগ কৰে।

প্ৰতিযোগিতাৰ লগত সংগতি ৰাখি যুৱ সমাজকৰ্মী ভাস্কৰ বৰচেতিয়াৰ সম্পাদনাত প্ৰকাশ হয় 'মুক্তি মংগল' নামৰ এখন স্মৃতিগ্ৰন্থ। কালি ভাওনা প্ৰতিযোগিতাৰ সামৰণিৰ পিছতে ফলাফল ঘোষণা কৰা লগতে আজি পুৰস্কাৰ বিতৰণ কৰা হয়। ভাওনা প্ৰতিযোগিতাত শ্ৰেষ্ঠ নাট্যদল খিতাপ লাভ কৰে 'গৰুড়ৰ অমৃত হৰণ, বিনতাৰ দাসিত্ব মোচন' ভাওনা প্ৰদৰ্শন কৰা লোশলীয়াৰ সন্মিলিত শিল্পী সমাজে। নাট্য দলটোৱে নগদ ৫০ হাজাৰ টকা পুৰস্কাৰ লাভ কৰে। দ্বিতীয় শ্ৰেষ্ঠ নাট্যদল হয় 'কৈকেশীনন্দনৰ লংকা লাভ, বেদৱতীৰ আখ্যান' ভাওনা প্ৰদৰ্শন কৰা তিতাবৰৰ জয়গুৰু শিল্পী সমাজে। তেওঁলোকে নগদ ৪০ হাজাৰ টকা লাভ কৰে।

আনহাতে তৃতীয় শ্ৰেষ্ঠ নাট্যদল হয় 'বিভান্তুকৰ পণ ভঞ্জন, ঋষ্যশৃংগৰ আখ্যান' ভাওনা প্ৰদৰ্শন কৰা গোলাঘাটৰ চতুৰ্থী সংগম শিল্পী সমাজ। ইয়াৰ লগতে শ্ৰেষ্ঠ গায়ন-বায়ন, দ্বিতীয় শ্ৰেষ্ঠ গায়ন-বায়ন, শ্ৰেষ্ঠ ক্ৰমে সূত্ৰধাৰ, ভগৱান, নাৰদ, খলনায়ক, শিশু, পুৰুষ, পাৰ্শ্ব চৰিত্ৰ, মহিলা অভিনেতা, মহিলা পাৰ্শ্ব অভিনেতা, গায়ন, দোহাৰ, আঁৰ কাপোৰ, মুখা, ৰূপসজ্জা, পৰিচালক আদিত পুৰস্কাৰ প্ৰদান কৰা হয়। প্ৰতিটো অনুষ্ঠান সফলভাৱে ৰূপায়িত কৰাৰ ক্ষেত্ৰত সহায় সহযোগিতা আগবঢ়োৱা সকলোলৈ উদযাপন সমিতিৰ বিষয়ববীয়া ক্ৰমে বিপুল কছাৰী, গোপাল কছাৰী, ভাস্কৰ বৰচেতিয়াই ধন্যবাদ জনায়।