অসম

খেলো ইণ্ডিয়াত অসমৰ ফুটবল দলক প্ৰতিনিধিত্ব কৰি গৌৰৱ কঢ়িওৱা ভাস্কৰ গগৈক আমগুৰিত উস্ম আদৰণি, VIDEO

asomiyapratidin

ডিজিটেল সংবাদ, নামতিঃ খেলৌ ইণ্ডিয়াত ফুটবল প্ৰতিযোগিতাত অসম দলক প্ৰতিনিধিত্ব কৰি গৌৰৱ কঢ়িয়ালে উদিয়মান খেলুৱৈ ভাস্কৰ গগৈয়ে। ১৭ অনুৰ্দ্ধ অসম ফুটবল দলক দ্বিতীয় বাৰৰ বাবে প্ৰতিনিধিত্ব কৰি খেলৌ ইণ্ডিয়াত ৰাণাৰ্ছ আপ সন্মান লাভ কৰিবলৈ সক্ষম হয়।

খেলৌ ইণ্ডিয়াত অংশগ্ৰহণ কৰি উদিয়মান খেলুৱৈ ভাস্কৰ গগৈ আমগুৰিত উপস্থিত হোৱাৰ লগে লগে বিভিন্ন দ'ল-সংগঠনে উস্ম আদৰণি জনায়।

চেলেং হিন্দু গাঁৱৰ নিবাসী পুতুল গগৈ আৰু ভাৰতী গগৈৰ সন্তান ভাস্কৰ গগৈ আমগুৰি ফুটবল প্ৰশিক্ষণ কেন্দ্ৰৰ খেলুৱৈ আছিল।