অসম

স্বৰ্ণ-অলংকাৰ মই বিচৰা নাই! ‘ভাৰত ৰত্ন’ গ্ৰহণ নকৰে সুধাকণ্ঠৰ পুত্ৰই!

asomiyapratidin

সুধাকণ্ঠক প্ৰদান কৰা হৈছিল 'ভাৰত ৰত্ন'। কিন্তু সেই সন্মান গ্ৰহণ কৰিবলৈ ইচ্ছুক নহয় সুধাকণ্ঠৰ পুত্ৰ তেজ হাজৰিকাই। আমেৰিকাৰ পৰা এই সন্দৰ্ভত কি ক'লে সুধাকণ্ঠৰ একমাত্ৰ পুত্ৰই। মৃদুল কুমাৰ সন্দিকৈৰ এক বিশেষ প্ৰতিবেদন।

নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ ৰাজ্যজুৰি প্ৰতিবাদ অব্যাহত থকা সময়তে সুধাকণ্ঠ ভূপেন হাজৰিকাক নৰেন্দ্ৰ মোডী চৰকাৰে মৰণোত্তৰভাৱে ভাৰত ৰত্ন প্ৰদান কৰাৰ কথা ঘোষণা কৰিছিল। পিছে এই 'ভাৰত ৰত্ন' সাম্প্ৰতিক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত গ্ৰহণ কৰিবলৈ অনিচ্ছা ব্যক্ত কৰিছে সুধাকণ্ঠৰ একমাত্ৰ পুত্ৰ তেজ হাজৰিকাই। 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল ডেস্কৰ সাংবাদিকে সুধাকণ্ঠৰ পুত্ৰগৰাকীৰ সৈতে টেলিফোনযোগে কৰা বাৰ্তালাপত আমেৰিকাৰ পৰা তেওঁ এই কথা জনায়। তেজ হাজৰিকাই কয়- অসমৰ সাম্প্ৰতিক পৰিৱেশ-পৰিস্থিতি সন্দৰ্ভত মই খবৰ ৰাখিছো। সদায় সংগ্ৰামী জনতাৰ কাষত থকা সুধাকণ্ঠয়ো হয়তো আজিৰ প্ৰেক্ষাপটত এনে সন্মান গ্ৰহণৰ বাবে আগ্ৰহ প্ৰকাশ নকৰিলে হেতেন। সেয়েহে সুধাকণ্ঠৰ পুত্ৰ হিচাপে ভাৰত চৰকাৰে প্ৰদান কৰা ভাৰত ৰত্ন গ্ৰহণ কৰিবলৈ অনিহা ব্যক্ত কৰে তেজ হাজৰিকাই।

তেওঁ ব্যক্তিগত ভাৱে এই কথা কয় যে- 'আজিৰ পৰিস্থিতিত মই এইটো কামেই অসমৰ ৰাইজৰ হৈ কৰিব পাৰো। মোৰ মন আৰু বিবেকে কৈছে, এই সময়ত এনে সন্মান গ্ৰহণ কৰাতো উচিত নহ'ব। সুধাকণ্ঠ যিহেতু এক অনুষ্ঠান আছিল, গতিকে তেওঁ এই সন্মানৰ উৰ্ধত।' এই কথা তেওঁ আনুষ্ঠানিকভাৱে জনালে 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল ডেস্কক।

স্মৰ্তব্য যে, সুধাকণ্ঠক 'ভাৰত ৰত্ন' প্ৰদানৰ ঘোষণাৰ পাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শেহতীয়া অসম ভ্ৰমণ কালত যোৱা ৯ ফেব্ৰুৱাৰীৰ দিনা চাংসাৰিত মন্তব্য কৰিছিল যে- সুধাকণ্ঠই ১০ বছৰ অপেক্ষা কৰিব লগা হ'ল 'ভাৰত ৰত্ন'ৰ বাবে। কাৰ বাবে অপেক্ষা কৰিব লগা হ'ল সেই কথা জনাই জানে। ইয়াৰ বিপৰীতে সুধাকণ্ঠৰ পুত্ৰ তেজ হাজৰিকাই কয়- 'জীৱিত কালতে তেওঁক ভাৰত ৰত্ন প্ৰদান কৰা হ'লে তেওঁ অধিক সন্তুষ্টি লাভ কৰিলে হেতেন। কিন্তু নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ চলি থকাৰ মাজতে অসমৰ জনতাৰ হৃদস্পন্দন স্বৰূপ সুধাকণ্ঠক প্ৰদান কৰা 'ভাৰত ৰত্ন' গ্ৰহণ কৰিবলৈ তেওঁৰ পুত্ৰই অনীহা ব্যক্ত কৰাত এতিয়া সমগ্ৰ বিষয়টোক লৈ ব্যাপক চৰ্চাৰ লগতে সুধাকণ্ঠক ভাৰত ৰত্ন প্ৰদানেৰে অসমীয়াৰ হৃদয় জয় কৰিব বিচৰা মোডী চৰকাৰক বাৰুকৈ অশ্বস্তিত পেলোৱাৰ সম্ভাৱনা আছে।