অসম

সীমান্তৰ ভালুকমাৰীগাঁৱত অসমৰ লোকক এঘৰীয়া কৰাৰ ষড়যন্ত্ৰ ব্যৰ্থ…

asomiyapratidin

ডিজিটেল সংবাদ বকো : একাংশ মেঘালয় সমৰ্থকে শনিবাৰে অসমৰ লোকৰ ভয়ত গোপনে লুকাই থাকিবলৈ বাধ্য হোৱা ঘটনাই কামৰূপ জিলাৰ বকোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে । জানিবপৰা মতে অসমৰ ভৌগোলিক সীমাৰ আৰু মেঘালয় ৰাজ্যৰ ভৌগোলিক সীমাত অৱস্থিত ভালুকমাৰী নামৰ গাঁৱখনত শনিবাৰে একাংশ মেঘালয় সমৰ্থকে এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰাৰ ষড়যন্ত্ৰ কৰিছিল।

সেই সভাখনত অসমৰ লোকক মেঘালয়ক সমৰ্থন কৰিবলৈ বাধ্য কৰোৱাৰ ষড়যন্ত্ৰ আছিল। মেঘালয়ক সমৰ্থন নকৰা অসমৰ লোকক গাঁৱৰ পৰা এঘৰীয়া কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰি থৈছিল। কিন্ত পুৱাৰে পৰা মেঘালয় বিদ্বেষীয়ে সভা অনুষ্ঠিত কৰিবলৈ ষড়যন্ত্ৰ কৰা ভালুকমাৰী গাঁৱৰ সেই স্থানত অসমৰ লোকে দলে-বলে উপস্থিত হোৱাত মেঘালয় সমৰ্থকৰ ষড়যন্ত্ৰ সম্পূৰ্ণৰূপে ব্যৰ্থ হয় ।

আনকি সীমান্তত বাসবাস কৰা অসমৰ লোকৰ ভয়ত মেঘালয় সমৰ্থকে গোপন ঠাইত লুকাই থাকিবলৈ বাধ্য হয় । এইক্ষেত্ৰত অৱশ্যে আৰক্ষী-প্ৰশাসনে ৰাইজক সম্পূৰ্ণৰূপে সহযোগ কৰে । এটা বিশেষ সূত্ৰ এটাই প্ৰকাশ কৰা মতে শুক্ৰবাৰে নিশা ভালুকমাৰী গাঁৱৰ পথ এটাত আন্ধাৰু চাংমা নামৰ লোকগৰাকীৰ মটৰ চাইকেলখন বেয়া হয়।

সেই সময়ত গাঁৱখনৰ একাংশ মেঘালয় সমৰ্থকে চাংমাক শাৰীৰিক ভাবে অপদস্থ কৰাৰ লগতে মটৰ চাইকেলখনৰ চাবি পৰ্যন্ত কাঢ়ি নিয়ে। অভিযোগ মতে আন্ধাৰু চাংমাই মেঘালয় সমৰ্থকসকলৰ কাম-কাজৰ বিৰোধী কৰি আহিছিল। তাতেই খৰ্গহস্ত হৈ আছিল মেঘালয় সমৰ্থকসকলে। 

চেগবুজি লোকগৰাকীক যোৱা নিশা মেঘালয় সমৰ্থকে দুৰ্ব্যৱহাৰ কৰে । সেই সময়ত বকো আৰক্ষীৰ দল এটাই ঘটনাস্থলীত উপস্থিত হৈ মেঘালয় সমৰ্থকক খেদি পঠিয়াই। আন্ধাৰু চাংমাই  আৰক্ষীক খবৰ দিয়াৰ সন্দেহ কৰি মেঘালয় সমৰ্থকে আজি চাংমাৰ বিৰুদ্ধে ৰাজহুৱা সভাৰ আয়োজন কৰিছিল।

লগতে অসমৰ অইন অইন লোকৰ বিৰুদ্ধেও মেঘালয় সমৰ্থকে সভাখন অনুষ্ঠিত কৰা ষড়যন্ত্ৰ কৰিছিল। দীৰ্ঘ দিন ধৰি মেঘালয় সমৰ্থকে সীমান্তত অসমৰ লোকক অত্যাচাৰ চলাই আহিছিল যদিও আজিৰ ঘটনাই যেন অসমৰ লোকেও যে মেঘালয় সমৰ্থকক কোনো কাৰণতে কেৰেপ নকৰে সেই কথা প্ৰমাণ কৰি দিছে ।