অসম

‘প্ৰফুল্ল কুমাৰ মহন্ত, অতুল বৰা, কেশৱ মহন্ত এতিয়া অচল টকা’

asomiyapratidin

ডিজিটেল সংবাদ, ওদালগুৰিঃ 'অগপৰ মুখ্য কাৰ্যালয় আমবাৰী এতিয়া আদহীয়া মানুহৰে ভৰি পৰিছে৷ ১৯৮৫ৰ পৰা এতিয়ালৈকে তেওঁলোকে গাদী খামুচি ৰাখিছে। যুৱ প্ৰজন্মৰ স্থান নাই অগপ দলত। যাৰ বাবে অস্তিত্বৰ সংকটত পৰিছে আঞ্চলিক দল অগপ। অগপৰ নেতৃত্বই আত্মসমালোচনা কৰাৰ সময় আহি পৰিছে। প্ৰফুল্ল কুমাৰ মহন্ত, কেশৱ মহন্ত, অতুল বৰাৰ দৰে নেতা আজি নিৰ্বাচন খেলাৰ বাবে অযোগ্য। তেওঁলোকে ৰাজনীতিৰ পৰা সন্যাস লৈ নতুন আৰু শিক্ষিত যুৱ প্ৰজন্মক দলটো চলাবলৈ আগুৱাই দিৱ লাগে।' এই ভাষ্য ৰাজ্যৰ কেৱিনেট মন্ত্ৰী ভৱেশ কলিতাৰ।

শুকুৰবাৰে কলিতাই ওদালগুৰি জিলাৰ ওৰাঙত 'নিয়ৰ নিৰ্মল' নামৰ এক গেছ এজেঞ্চীৰ কাৰ্যালয় মুকলি অনুষ্ঠানত উদ্বোধক হিচাপে অংশগ্ৰহণ কৰি সাংবাদিকৰ আগত এনেদৰে অসমৰ আঞ্চলিক দল অসম গণ পৰিষদৰ নেতৃত্বক ক্ষুৰধাৰ সমালোচনা কৰে। লগতে মন্ত্ৰীগৰকীয়ে সাংবাদিকৰ আগত মত ব্যক্ত কৰি কয় যে বিজেপিয়ে যুৱ প্ৰজন্মক অগ্ৰাধিকাৰ দিছে৷

যাৰ ফলশ্ৰুতিত ৰাষ্ট্ৰীয় দলটোৱে সফলতাৰ মুখ দেখিছে। যুৱ প্ৰজন্মৰ হাতত অগপ দল এৰি দিলেহে আগন্তুক দিনবোৰত অগপ নামৰ আঞ্চলিক দলটো অসমত বাচি থাকিব।

উল্লেখ্য যে সদ্য ঘোষিত পঞ্চায়ত নিৰ্বাচনত আঞ্চলিক দলৰ শোচনীয় ফলাফলৰ পিছত শুকুৰবাৰে ওদালগুৰি জিলাৰ ওৰাঙত উপস্থিত হৈ সাংবাদিকৰ আগত এই মন্তব্য কৰি ৰাজ্যৰ ৰাজহ মন্ত্ৰী ভৱেশ কলিতাই অগপ নেতৃত্বক কটাক্ষ কৰাৰ লগতে একপ্ৰকাৰ নীতি পাঠ দিয়া দেখা গ'ল।

লগতে তেওঁ আঞ্চলিক দলটোৰ নেতৃত্বক কটাক্ষ কৰি কয় যে অগপ দল কাৰো পৈত্ৰিক সম্পত্তি নহয়। ৮৫৫ গৰাকী শ্বহীদৰ ত্যাগ, অসমীয়াৰ তেজেৰে জন্মপোৱা এটি আঞ্চলিক দল। য'ত অসমীয়াৰ আবেগ, অনুভূতি জড়িত আছে বুলিও কেৱিনেট মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। যি সময়ত চৰকাৰৰ মিত্ৰ জোঁটত থকা আঞ্চলিক দলটোৰ নেতৃত্ব‌ই যিকোনো মুহূৰ্তত মিত্ৰতা ভংগৰ ইংগিত দি আহিছে তেনে সময়তে আজি ৰাজ্যৰ কেৱিনেট মন্ত্ৰী ভৱেশ কলিতাই আঞ্চলিক দলটোক কটাক্ষ কৰা বিষয়টোৱে ব্যাপক চৰ্চা লাভ কৰিছে। ইয়াৰ প্ৰত্যুত্তৰ অগপৰ নেতৃত্ব‌ই কেনেদৰে দিয়ে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব।