অসম

বৃহস্পতিবাৰে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হ’ব ননীগোপাল বৰুৱা আৰু মীনা বৰুৱাৰ…

asomiyapratidin

ডিজিটেল ডেস্কঃ বেলতলাৰ ছাৰ্ভেৰ চন্দন নগৰত মঙলবাৰে সংঘটিত হোৱা হত্যাকাণ্ডৰ তদন্ত জোৰদাৰ গতিত আগবাঢ়িছে। ইতিমধ্যে আৰক্ষীয়ে এই ঘটনাৰে জড়িতৰ সন্দেহত কেয়াৰটেকাৰ আকাশ চৌধুৰীক গ্ৰেপ্তাৰ কৰাৰ উপৰিও তেওঁৰ আন ৩তিনিগৰাকী বন্ধুক আটক কৰিছে। অৱসৰপ্ৰাপ্ত উচ্চপদস্থ বিষয়া ননীগোপাল বৰুৱা আৰু মীনা বৰুৱাক দুৰ্বৃত্তই হত্যা কৰাৰ পাছত তেওঁলোকৰ নশ্বৰ দেহ জিএনআৰচিৰ মৰ্গত ৰখাই থোৱা আছে।

পৰিয়ালৰ সূত্ৰে জানিবলৈ দিয়া মতে বৃহস্পতিবাৰে পুৱা ১০.৩০ বজাত জিএনআৰচিৰ মৰ্গৰ পৰা মৃত বৰুৱা দম্পতীৰ নশ্বৰদেহ বেলতলাৰ বাসগৃহলৈ নিয়া হ'ব। তাতেই প্ৰায় দুঘন্টা সময় ৰখাই আত্মীয়-কুতুমৰ শেষ দৰ্শন কৰাৰ অন্তত নৱগ্ৰহ শ্মশানত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰাৰ সিদ্ধান্ত লৈছে পৰিয়ালে।

ইতিমধ্যে মঙলবাৰে মুম্বাইত থকা জীয়াৰী ঘৰ আহি পাইছেহি । লণ্ডনত থকা আনগৰাকী জীয়াৰী বৃহস্পতিবাৰে গুৱাহাটী আহি পোৱাৰ কথা। উল্লেখযোগ্য যে, জিএমচিএইচত মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰাৰ পাছত তেওঁলোকৰ নশ্বৰ দেহ দুই জীয়াৰী আহি পোৱাৰ বাবে জিএনআৰচি মৰ্গত ৰখোৱাৰ ব্যৱস্থা কৰা হৈছে।