অসম

বেলতলাৰ অগ্নিকাণ্ডত মৃত্যু হোৱা ঈশান-ইবনৰ স্মৃতিত মঙলদৈত বন্তি প্ৰজ্বলন…

asomiyapratidin

ডিজিটেল সংবাদ, মঙলদৈঃ গুৱাহাটী মহানগৰীৰ বেলতলাত বৃহস্পতিবাৰে সংঘটিত ভয়ানক অগ্নিকাণ্ডত মৃত্যুক আঁকোৱালি লোৱা কণমানি ঈশান বিন্দু গোস্বামী আৰু ইবন বিন্দু গোস্বামী সোঁৱৰণত দৰং জিলা সাহিত্য সভাই শুকুৰবাৰে সন্ধিয়া বন্তি প্ৰজ্বলন কৰে।

এই বন্তি প্ৰজ্বলন কাৰ্যসূচীত অসম সাহিত্য সভাৰ মুখপাত্ৰ চহিৰ ভূঞা, অসম সাহিত্য সভাৰ মঙলদৈ আঞ্চলিক কাৰ্যালয়ৰ সম্পাদক শৈলেন্দ্ৰ কুমাৰ ৰাজবংশী, কাৰ্যনিৰ্বাহক সদস্য দ্বীপেন্দ্ৰ নাৰায়ণ কোঁৱৰ, দৰং জিলা সাহিত্য সভাৰ সভাপতি ডঃ ৰাম চন্দ্ৰ ডেকা, সম্পাদক মুকুট হাজৰিকা, আইন উপদেষ্টা ৰমেশ দেৱশৰ্মা, কোষাধ্যক্ষ বসন্ত শইকীয়া, প্ৰাক্তন সভাপতি ভাৰত ভূষণ মহন্ত, আকাশৰ সম্পাদিকা মকচিদা বেগম প্ৰমুখ্যে জিলা সাহিত্য সভাৰ বিষয়ববীয়াই অংশগ্ৰহণ কৰে।

কণমানি শিশু দুগৰাকী অকালতে এনে অস্বাভাৱিক মৃত্যুক আকোৱালি ল'বলগীয়া হোৱাত দৰং জিলা সাহিত্য সভাই গভীৰ শোক প্ৰকাশ কৰে লগতে শোকসন্তপ্ত পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।