bebejiya hima das
bebejiya hima das 
অসম

শেনছোৱা সন্দিপনী বিদ্যা মন্দিৰৰ ক্ৰীড়া সমাৰোহত পদ্মশ্ৰী হিমা দাস...

Asomiya Pratidin

ডিজিটেল সংবাদ, বেবেজীয়া ঃ নগাঁও জিলাৰ বেবেজীয়া সমীপৰ শেনছোৱাস্থিত অগ্ৰণী শিক্ষানুষ্ঠান সন্দীপনী বিদ্যামন্দিৰত আজিৰে পৰা অনুষ্ঠিত হৈছে ১৮সংখ্যক সপ্তাহজোৰা ক্ৰীড়া সমাৰোহ। এই উপলক্ষে বিদ্যালয়খনৰ ক্ৰীড়া সমাৰোহৰ কাৰ্যসূচীৰ শুভাৰম্ভণি অনুষ্ঠানত উপস্থিত থাকে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা ৷

ক্ৰীড়া সমাৰোহখনিৰ শুভাৰম্ভণি অনুষ্ঠানত বিদ্যালয় খনৰ ছাত্ৰ-ছাত্ৰী সকলক উৎসাহ জনোৱাৰ উদ্দেশ্যে উপস্থিত থাকে ধিং এক্সপ্ৰেছ খ্যাত পদ্মশ্ৰী হিমা দাস, ন্যায়ধীশ প্ৰণৱ শৰ্মা, বিদ্যালয়খনৰ ট্ৰাষ্টৰ সভাপতি ভাৰত গোস্বামী, প্ৰধান শিক্ষক লক্ষী নাৰায়ণ ৰিজাল প্ৰমুখ্যে শিক্ষক-শিক্ষয়ত্ৰী, ছাত্ৰ-ছাত্ৰী সকলৰ লগত অভিভাৱক সকল উপস্থিত থাকে।

শিক্ষানুষ্ঠানখনৰ সপ্তাহজোৰা ক্ৰীড়া সমাৰোহখনিৰ শুভাৰম্ভ অনুষ্ঠানত ছাত্র-ছাত্ৰী সকলে পৰিবেশন কৰা ক্ৰীড়া আৰু সাংস্কৃতিক কাৰ্যসূচী সমূহে উপস্থিতি সকলোকে আপ্লুত কৰি তোলে। বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে উপস্থিত অতিথি সকলৰ সন্মুখত মাৰ্চপাৰ্চ প্ৰদশৰ্ন কৰি সকলোৰে সমাদৰ বুটলিবলৈ সক্ষম হয় ৷