অসম

তিতাবৰত দুই প্ৰশাসনিক বিষয়াৰ মাৰপিট

Asomiya Pratidin

ডিজিটেল সংবাদ,তিতাবৰঃ তিতাবৰ মহকুমাৰ কাৰ্যবাহী দণ্ডাধীশ বেদাংগ কাশ্যপ দাসক শাৰিৰীকভাৱে প্ৰহাৰ কৰিলে তিতাবৰ মহকুমা কৃষি বিভাগৰ এ ডি অ' বিশ্বজিত দাসে। বৰহোলা আৰক্ষী থানাৰ অধীনত বৰহোলা ধান ক্ৰয় কেন্দ্ৰত সংঘটিত হৈছে এই লজ্জাজনক ঘটনা।

জানিব পৰা মতে,বৰহোলা ধান ক্ৰয় কেন্দ্ৰত ধান ক্ৰয়-বিক্ৰয়ক লৈ দুই বিষয়াৰ মাজত কথাৰ কটাকটিৰ মাজতে অতিষ্ঠ হৈ দণ্ডাধীশ গৰাকীক শাৰিৰীকভাৱে কৃষি বিষয়া গৰাকীয়ে প্ৰহাৰ কৰাৰ অভিযোগ। ইতিমধ্যে দুয়োপক্ষই বৰহোলা আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ।