অসম

বগীবিল দলং দৰ্শনৰ লোভ সামৰিব নোৱাৰিলে বিডিঅ’ ছাৰে, অফিচত তলা লগাই পালেগৈ বগীবিল

asomiyapratidin

ডিজিটেল সংবাদ, বিশ্বনাথঃ ইংৰাজী নৱবৰ্ষ আৰম্ভ হোৱা দিনচেৰেক পাৰ হ'ল। কিন্তু নতুন বছৰৰ আদৰণি পৰ্ব যেন এতিয়াও যৱনিকা পৰা নাই একাংশ ব্যক্তিৰ। সেয়েহে নতুন বছৰৰ আদৰণি আৰু বগীবিল দলং দৰ্শনৰ সুখ ল'বলৈ হেঁপাহ জাগিল বি ডি অ ছাৰৰ। লগত ওলাল সাংগো পাংগো সকলো।

সেইবাবেই শনিবাৰৰ কৰ্তব্যৰ দিনটোতো প্ৰথমটো অঘোষিত বন্ধ পালন কৰিলে ৰঞ্জিত দত্তৰ গৃহ সমষ্টি বিহালীৰ বাঘমৰা খণ্ড উন্নয়ন কাৰ্যালয়ৰ বিডিঅ ছাৰসহ আন আন বিষয়া কৰ্মচাৰীসকলে। কিন্তু অফিচ ৰখীয়া কৰিবলৈটো থাকিব লাগিব কোনোবা এজন। সেয়েহে মন থকা স্বত্বেও বগীবিল দলং চাবলৈ তথা দলঙৰ তলত নতুন বছৰ উপলক্ষে বনভোজ খাবলৈ নাপালে কাৰ্যালয়টোৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীজনে।

পৰিৱৰ্তনৰ শ্ল'গান দি কৰ্ম সংস্কৃতিৰ ভাষণ আওৰোৱা সৰ্বানন্দ সোণাৱাল নেতৃত্বাধীন চৰকাৰৰ খনৰে এজন চৰকাৰী বিষয়াই এনেদৰে এটা কৰ্তব্যৰ দিনত নিজাববীয়াকৈ পালন কৰা বন্ধই চৰকাৰৰ কৰ্ম সংস্কৃতিৰ ফোপোলা স্বৰূপ উদঙোৱা বুলি বিভিন্নজনে মন্তব্য কৰিছে। এটা খোলা দিনত এনেদৰে বগীবিল দলং চাবলৈ গৈ নৱবৰ্ষ উদযাপন কৰা এই বিডিঅ' আৰু কৰ্মচাৰীসকলৰ বিৰুদ্ধে চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰে, সেয়া লক্ষণীয় হ'ব।