অসম

নিজৰ ভুল স্বীকাৰ কৰি পদত্যাগ কৰিলে স্বাস্থ্যমন্ত্ৰীয়ে…

asomiyapratidin

ডিজিটেল ডেস্কঃ নিজৰ ভুল স্বীকাৰ কৰি পদত্যাগ কৰিলে স্বাস্থ্যমন্ত্ৰীয়ে। কোৰোনামুক্ত হিচাপে ঘোষণা কৰা নিউজিলেণ্ডৰ স্বাস্থ্যমন্ত্ৰী ডেভিদ ক্লাৰ্কে শেহতীয়াকৈ পদত্যাগ কৰাৰ কথা ৰাজহুৱা কৰে। উল্লেখ্য যে, লকডাউনৰ সময়চোৱাত স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে পৰিয়ালৰ সৈতে ফুৰিবলৈ গৈছিল সাগৰৰ তীৰত। এই ঘটনাৰ পাছতে স্বাস্থ্যমন্ত্ৰীগৰাকীৰ কাৰ্যক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল দেশখনত। আনকি নিজ চৰকাৰৰ বহু মন্ত্ৰীয়েও ক্লাৰ্কৰ এই কাৰ্যক গৰিহণা দিছিল। ইতিমধ্যে ক্লাৰ্কৰ পদত্যাগ পত্ৰ স্বীকাৰ কৰিছে নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰীয়ে।

যোৱা এপ্ৰিল মাহতে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে লকডাউনৰ সময়চোৱাত এই ভুল কৰিছিল। ইয়াৰ পাছতে প্ৰধানমন্ত্ৰীয়ে তেওঁক পদৰ পৰা অপসাৰণ কৰা নাছিল যদিও কেবিনেটৰ মৰ্যদা কিছু পৰিমাণে হ্ৰাস কৰিছিল। তীব্ৰ বাক-বিতণ্ডাৰ অন্তত অৱশেষত ক্লাৰ্কে নিজৰ ভুল স্বীকাৰ কৰি কয়, হয় মই ভুল কৰিছো, এই সময়ত ঘৰতে থকাটো উচিত আছিল। আমি এনেধৰণৰ কাম কৰিলে জনতাৰ মনত কিছু ভাৱৰ উদয় হয় যাৰ বাবে কিছুয়ে নীতি-নিয়ম ভংগৰ বাবে কুণ্ঠাবোধ নকৰে।