অসম

বটদ্ৰৱাত সৰ্পদংশনত এজনৰ মৃত্যু

asomiyapratidin

ডিজিটেল সংবাদ, বটদ্ৰৱা: বটদ্ৰৱাৰ সমীপৱৰ্তী বৰছিলা বাকৰিচুক গাঁৱত দেওবাৰে বিষাক্ত সৰ্পদংশনত এজন লোকৰ মৃত্যু হয়। মৃত লোকজনৰ নাম বুবু দাস উৰফে ৰমানন্দ দাস বুলি জানিব পৰা গৈছে। মৃত লোকজনৰ বয়স ২৮ বছৰ। সোনাই নৈত মাছ ধৰিবলৈ যাওঁতে সাপে কামোৰে লোকজনক।

প্ৰথম অৱস্থাত সংৰ্প দংশনত আক্ৰান্ত ৰমানন্দ দাসক পৰিয়ালৰ লোকে স্থানীয় বেজৰ দ্বাৰা চিকিৎসা কৰিছিল যদিও বিষৰ মাত্ৰা বৃদ্ধি পোৱাত ততাতৈয়াকৈ নগাঁৱৰ ভোগেশ্বৰী ফুকননী চিকিৎসালয়ত ভৰ্তি কৰাই যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।