অসম

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে বটদ্ৰৱাৰ শিক্ষানুষ্ঠানতো আৰম্ভ দশম শ্ৰেণীৰ পাঠদান..

asomiyapratidin

ডিজিটেল সংবাদ বটদ্ৰৱাঃ দীৰ্ঘদিনৰ মূৰত সোমবাৰৰ পৰা ৰাজ্যৰ বিদ্যালয় সমূহৰ দশম শ্ৰেণীৰ পাঠদান প্ৰক্ৰিয়া আৰম্ভ হৈছে। কোভিড ভয়াৱহতাৰ পৰিপ্ৰেক্ষিতত দীৰ্ঘদিনৰ পাছত নতুন উদ্যম আৰু এবুকু আশা লৈ বিদ্যালয়লৈ‌ আহিছে দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী সকল।

ৰাজ্যৰ‌ বিভিন্ন প্ৰান্তৰ লগতে জাতীয় বিদ্যালয় বটদ্ৰৱা, বটদ্ৰৱা শংকৰদেৱ শিশু বিদ্যা নিকেতন, বটদ্ৰৱা শ্ৰীশ্ৰী শঙ্কৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়, বটদ্ৰৱা সতী ৰাধিকা ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়, ৰাইডঙীয়া হলিৰাম শইকীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়, ডুমডুমীয়া বালিসত্ৰ আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়, ভোমোৰাগুৰি মাধৱদেৱ উচ্চ মাধ্যমিক বিদ্যালয়, ধনীয়াভেটি হাইস্কুল, কহুৱাআটি উচ্চ মাধ্যমিক বিদ্যালয় সমূহত দেখা গৈছে প্ৰাণচঞ্চল পৰিবেশ।

মুখত মাস্ক পৰিধান কৰি, হাত ধুই শ্ৰেণীকোঠাত প্ৰবেশ কৰি আনন্দিত হৈছে ছাত্ৰ-ছাত্ৰী সকল। শিক্ষাগুৰু সকলেও দীৰ্ঘদিন অনলাইন ক্লাছৰ পাছত ছাত্ৰ ছাত্ৰীক সন্মুখৰ পৰা পাই আহ্লাদিত হৈছে। আশা কৰিছে কোভিড প্ৰটকল ৰক্ষা কৰি দশম শ্ৰেণীৰ দৰে পৰ্যায়ক্ৰমে আন শ্ৰেণীসমূহৰো পাঠদানৰ অনুমতি প্ৰদান কৰক চৰকাৰে।