অসম

বটদ্ৰৱা থানত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৩ সংখ্যক জন্মজয়ন্তী উৎসৱ…

asomiyapratidin

ডিজিটেল সংবাদ বটদ্ৰৱাঃ বটদ্ৰৱা থানত বৃহস্পতিবাৰৰ পৰা আৰম্ভ হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৩ সংখ্যক জন্মজয়ন্তী উৎসৱ। কোভিড প্ৰট'কল ৰক্ষা কৰি ধৰ্মীয় পৰম্পৰাৰে অনুষ্ঠিত উৎসৱলৈ আগমন ঘটিছে দূৰ-দূৰণিৰ তীৰ্থযাত্রী তথা ভক্ত বৈষ্ণবৰ।

দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত গুৰু জন্মজয়ন্তীৰ বৃহস্পতিবাৰে নিত্য নৈমিত্তিক প্ৰসংগৰ উপৰিও ভকত বৈষ্ণৱে অনুষ্ঠিত কৰে চৰিত পাঠ অনুষ্ঠান। বটদ্ৰৱা থান পৰিচালনা সমিতিয়ে সকলো ভক্ত বৈষ্ণবক কোভিড প্ৰট'কল ৰক্ষা কৰি মাস্ক পৰিধান কৰি সামাজিক দূৰত্ব অক্ষুণ্ণ ৰাখি গুৰুজনাৰ জন্মস্থানত অনুষ্ঠিত জন্মজয়ন্তী উৎসৱত অংশ গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে।