অসম

বটদ্ৰৱা থানত পৰম্পৰাগত ভাৱে উৎযাপন পাচতি উৎসৱ…

asomiyapratidin

ডিজিটেল সংবাদ বটদ্ৰৱাঃ বটদ্ৰৱা থানৰ নাটঘৰ যেন হৈ পৰিল নন্দ গৃহ। কৃষ্ণ জন্মৰ আনন্দ উল্লাসত নন্দৰ গৃহত উদযাপিত নন্দোৎসৱৰ দৰেই বটদ্ৰৱা থানৰ নাটঘৰত কৃষ্ণ জন্মৰ আনন্দ উল্লাসৰ অভিব্যক্তি প্ৰকাশ কৰিলে আইসকলে। কোনোৱে যদি কৃষ্ণ মূৰ্তি ভাগ কোলাত লৈছে কোনোৱে আকৌ সেৱা কৰি মূৰ্তি ভাগত খাইছে চুমা আৰু কোনোৱে গাইছে গীত।

মুঠৰ ওপৰত কৃষ্ণ মূৰ্তি লৈ যেন আইসকলৰ মাজত এক উখল-মাখল পৰিবেশ। জন্মযাত্রা নাটকৰ শেষ অংশটোৱেই হ'ল নন্দোৎসৱ, যাক পাচতি বুলিও কোৱা হয়। বটদ্ৰৱা থানৰ কৃষ্ণ জন্মাষ্টমী পাছৰ দিনা উদযাপিত নন্দোৎসৱৰ তথা পাচটি উৎসৱটি বটদ্ৰৱাৰ আইসকলে আহিন মাহৰ এই বিশেষ দিনটোত ৩৬৩ বছৰ ধৰি পালন কৰি আহিছে।

পৰম্পৰা অনুসৰি দুপৰীয়া কীৰ্তনৰ পাচতে সত্রৰ আইমাতৃ সকলে 'গকুলে উদয় যদুমনি, আনন্দে নন্দৰ ঘৰ চানি' শীৰ্ষক দিহাৰে পাচতি উৎসৱৰ পাতনি মেলে। সত্ৰৰ শতাধিক আইমাতৃৰ অংশ গ্ৰহণেৰে অনুষ্ঠিত পাচতি উৎসৱত এক আধ্যাত্মিক পৰিবেশৰ সূচনা হয়। উৎসৱৰ অন্তত ভকত তথা আই মাতৃসকলৰ মাজত প্রসাদ আৰু বিশেষভাবে প্রস্তুত কৰা লবনু বিতৰন কৰা হয়। আৰু এনেদৰেই বটদ্ৰৱাত উৎযাপন কৰা হয় পাচতি উৎসৱটি ।