অসম

বটদ্ৰৱা সাংবাদিক সন্থা”ৰ ২০২২ বৰ্ষৰ কেলেণ্ডাৰ উন্মোচন : আৰক্ষী বিষয়া গুৰু প্ৰসাদ তালুকদাৰৰ বিদায় সম্বৰ্ধনা…

asomiyapratidin


ডিজিটেল সংবাদ বটদ্ৰৱাঃ নগাঁও জিলাৰ বৃহত্তৰ বটদ্ৰৱা অঞ্চলৰ সাংবাদিক সকলৰ উমৈহতীয়া মঞ্চ "বটদ্ৰৱা সাংবাদিক সন্থা"ৰ ২০২২ বৰ্ষৰ কেলেণ্ডাৰ উন্মোচন আৰু যোৱা ৩১ ডিচেম্বৰত অৱসৰ গ্ৰহণ কৰা বটদ্ৰৱা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গুৰু প্ৰসাদ তালুকদাৰৰ বিদায় সম্বৰ্ধনা অনুষ্ঠানটি শনিবাৰে অনুষ্ঠিত হয়। বটদ্ৰৱা পুৰণি বাছ আস্থানত থকা গড়কাপ্তানি বিভাগৰ পৰিৰ্দশন বাংলাত অনুষ্ঠিত অনুষ্ঠানটিত সভাপতিত্বত কৰে বটদ্ৰৱা সাংবাদিক সন্থাৰ সভাপতি নিতুমনি গোস্বামীয়ে।

সাংবাদিক সন্থাৰ সম্পাদক মাজিদুল ইছলামে আঁত ধৰা অনুষ্ঠানটিত যোৱা কালি অৱসৰ গ্ৰহণ কৰা বটদ্ৰৱা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গুৰু প্ৰসাদ তালুকদাৰক গামোচাৰে সম্বৰ্ধনা জনোৱা হয়। সাংবাদিক সন্থাৰ উপসভাপতি কন্দৰ্প কুমাৰ কলিতা, কোষাধ্যক্ষ দিব্যজ্যোতি বৰুৱা, সাংগঠনিক সম্পাদক মুস্তাফা ছালিম আহমেদ, গড়কাপ্তানি বিভাগৰ কৰ্মচাৰী জয়কান্ত নাথ, বাহাৰুল ইছলাম, হুছেইন আলী, শিক্ষক ছফিকুল ইছলাম চৌধুৰীয়ে ভাষন প্ৰদান কৰা অনুষ্ঠানটিত বটদ্ৰৱা সাংংবাদি সন্থাৰ দ্বাৰা প্ৰকাশিত ২০২২ বৰ্ষৰ কেলেণ্ডাৰ উন্মোচন কৰা হয়।