অসম

বটদ্ৰৱাত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযানঃ শূন্যলৈ গুলিচালনা…

asomiyapratidin

ডিজিটেল সংবাদ বটদ্ৰৱাঃ নগাঁও জিলাৰ বটদ্ৰৱাৰ ভেৰভেৰি গাঁৱত আৰক্ষীৰ শূন্যলৈ গুলিচালনাৰ ঘটনা সংঘটিত হয়। মংগলবাৰে বিয়লি ভাগত সংঘটিত হৈছে এই ঘটনা। নগাঁও জিলাৰ উপ- আৰক্ষী অধীক্ষক দীপ্ত মালিৰ নেতৃত্বত এটি আৰক্ষীৰ দলে মঙ্গলবাৰে এক গোপন খবৰৰ ভিত্তিত ভেৰভেৰি গাঁৱৰ কুখ্যাত ড্ৰাগছ ব্যৱসায়ী আইনুল হক ওৰফে ভেকুলীৰ বাসগৃহত অভিযান চলাইছিল।

অভিযানৰ সময়ত ড্ৰাগছ ব্যৱসায়ীয়ে আৰক্ষীৰ ওপৰত আক্ৰমণৰ লক্ষ্য কৰি লৈছিল। আৰক্ষীয়ে প্ৰত্যুত্তৰত দুই জাই শূন্যলৈ গুলি ফুটাই পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে আটক কৰিবলৈ সক্ষম হয় কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী মোজাহিদুল হক, ৰিয়াজ উদ্দিন আৰু জহিৰুল ইছলামক।

ইপিনে, ড্ৰাগছ মাফিয়াৰ আক্ৰমণত এজন আৰক্ষী জোৱানো আহত হয় বুলি জানিব পৰা গৈছে । আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছে ৩৯ গ্ৰাম নিষিদ্ধ ড্ৰাগছ, চোকা মৰণাস্ত্ৰ, চাৰি বস্তা ভেকুলী আৰু এটি এয়াৰ গাণ। আৰক্ষীক আক্ৰমণ কৰি পলায়ন কৰে মূল অপৰাধী আইনুল হক ওৰফে ভেকুলী। অধিক তথ্যৰ বাবে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।