অসম

কৃষ্টিৰ পয়োভৰেৰে সৃষ্টিৰ মহা আয়োজন

asomiyapratidin

ডিজিটেল সংবাদ, ওৰাঃ বড়ো সমাজৰ সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠান কেন্দ্ৰীয় বাথৌ মহাসভাৰ ২৬ সংখ্যক অধিবেশনক লৈ উদুলি-মুদুলি হৈ পৰিছে মাজবাটৰ লামাবাৰিৰ মইনাওঁ পথাৰ। প্ৰস্তুতি প্ৰায় তুংগত। এহেজাৰ বিঘা ভূমিত অনুষ্ঠিত হ'ব অধিবেশন। সমবেত হ'ব অসমৰ লগতে ভাৰতৰ ভিন্ন প্ৰান্তৰ ৫০ হেজাৰ প্ৰতিনিধি।

অহা ১৯ জানুৱাৰীৰ পৰা চাৰিদিনীয়া কচৰ্যসূচীৰে অনুষ্ঠিত হ'ব বড়ো সমাজৰ সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠান কেন্দ্ৰীয় বাথৌ মহাসভা লগতে ওদালগুৰি জিলা বাথৌ মহাসভাৰ ২৮ সংখ্যক অধিবেশন আৰু মাজবাট আঞ্চলিক বাথৌ মহাসভাৰ ২৫ সংখ্যক অধিবেশন। প্ৰায় ৭০ লাখ টকা বাজেটেৰে মুঠ এহেজাৰ বিঘা ভূমিত অনুষ্ঠিত হ'ব অধিবেশন।

ইতিমধ্যেই অধিবেশনস্থলীত যুদ্ধকালীনভাবে মূল মণ্ডপ, তোৰণ, প্ৰতিনিধিৰ বাবে শিবিৰ, বাথৌ মন্দিৰ, অতিশালা, ভোজনালয়, গ্ৰন্থমেলাস্থলী আৰু প্ৰদৰ্শনী কেন্দ্ৰৰ নিৰ্মাণ কাৰ্য চলি আছে। ইয়াৰে প্ৰায় ৬০ শতাংশ কাম সম্পূৰ্ণ হৈছে। প্ৰতিনিধি শিবিৰৰ বাবে দিনে-নিশাই ব্যস্ত হৈ পৰিছে কেইবাখনো গাঁৱৰ ৰাইজ। কেন্দ্ৰীয় বাথৌ মহাসভাৰ ২৬ সংখ্যক অধিবেশনখন সকলো ক্ষেত্ৰতে সাফল্যমণ্ডিত কৰি তুলিবলৈ আদৰণি সমিতিৰ লগতে বাথৌ মহাসভাৰ বিষয়ববীয়া আৰু কৰ্মকৰ্তা সকলে দিনে-নিশাই ব্যস্ত হৈ পৰিছে। আনহাতে অধিবেশনস্থলীত এখন দৃষ্টি আকৰ্ষণ কৰিব পৰাকৈ বাঁহৰ দলং সাজি উলিয়াইছে।

বড়ো সকলৰ ভগৱান বৌৰাই বাথৌত প্ৰতিদিনে চলিব প্ৰাৰ্থনা। সমবেত হ'ব অসমৰ লগতে ভাৰতৰ ভিন্ন প্ৰান্তৰ পৰা অহা প্ৰতিনিধি। অধিবেশনৰ লগত সংগতি ৰাখি অনুষ্ঠিত হ'ব সাংস্কৃতিক অনুষ্ঠান, প্ৰদৰ্শনী, গ্ৰন্থমেলা আদিও। প্ৰদৰ্শনীত দাঙি ধৰা হ'ব বড়ো জনগোষ্ঠীৰ গ্ৰাম্য সংস্কৃতি।

যোৱা নবেম্বৰ মাহৰ পৰাই চলিছে প্ৰস্তুতি। প্ৰতিদিনে ১০ হেজাৰ প্ৰতিনিধিক আদৰিবলৈ সাজু আদৰণি সমিতি। সকলো জাতি-জনগোষ্ঠীৰ লোকে সহায় কৰিছে আদৰণি সমিতিক। ২২ জানুৱাৰীত মুকলি সভাত উপস্থিত থাকিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালকে ধৰি বিটিচি পৰিষদৰ কেইবাজনো সদস্য।

বাথৌ ধৰ্ম আৰু বড়ো সংস্কৃতি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে আৰু অন্ধবিশ্বাস আঁতৰ কৰি শান্তি প্ৰতিষ্ঠাৰ বাবে বহিঃৰাষ্ট্ৰৰ পৰাও প্ৰতিনিধি অহাৰ সম্ভাৱনা আছে মাইনাওঁ পথাৰত অনুষ্ঠিত হোৱা ২৬ সংখ্যক কেন্দ্ৰীয় বাথৌ মহাসভাৰ অধিবেশনত। বড়ো মহিলা সকলেও দিনি-নিশাই শ্ৰম দান কৰিছে অধিবেশনস্থলীত। অধিবেশন খন শৃংখলাবদ্ধ কৰাৰ বাবে অনুশীলন কৰিছে ২৫০ গৰাকী স্বেচ্ছাসেৱক বাহিনীয়ে।