অসম

কোভিডৰ নিয়ম মানি বটদ্ৰৱা থানলৈ আহিবলৈ আহ্বান বটদ্ৰৱা থান পৰিচালনা সমিতিৰ…

asomiyapratidin

ডিজিটেল সংবাদ, বটদ্ৰৱা : কোভিডৰ দ্বিতীয় ঢৌৱে সমগ্ৰ দেশতে ভয়াবহ ৰূপ ধাৰণ কৰাৰ সময়ত অসম চৰকাৰে তীৰ্থস্থান, পৰ্যটন থলী সমূহত নিয়ম নিৰ্দেশনা পালন কৰি সীমিত সংখ্যক লোকৰ উপস্থিতিৰ নিৰ্দেশনা জাৰি কৰিছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাৰ থানটো থান পৰিচালনা সমিতিয়ে নিয়ম নীতি মানি বটদ্ৰৱা থানলৈ আহিবলৈ আহ্বান জনাইছে।

বৃহস্পতিবাৰে বটদ্ৰৱা থান পৰিচালনা সমিতিৰ হৈ সভাপতি তথা শ্ৰীশ্ৰী নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ দেৱানন্দ দেৱগোস্বামীয়ে অসমীয়া প্ৰতিদিনৰ যোগেদি সমূহ অসমবাসীক নৱবৰ্ষৰ শুভ কামনা জ্ঞাপন কৰাৰ লগতে কভিড ১৯ৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি পৰা পক্ষত এইকেইটা দিনত তীৰ্থস্থান সমূহ দৰ্শন কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাইছে।

লগতে কোনো তীৰ্থযাত্রী যদি বটদ্ৰৱা থান সেৱাৰ বাবে আহিবলৈ বিচাৰিছে, তেন্তে মাস্ক, ছেনিটাইজাৰ ব্যৱহাৰ বাধ্যতামূলক কৰাৰ লগতে সামাজিক দূৰত্ব অক্ষুণ্ণ ৰাখি সেৱা আগবঢ়াবলৈ কয়। কিয়নো বটদ্ৰৱা থানত একে সময়তে ১০০ জনতকৈ অধিক লোকৰ সমাগম বন্ধ কৰা হৈছে।