অসম

এশ গৰু মাৰিলে বাঘৰো মৰণ! বটদ্ৰৱাত আটক হ’ল দুই ছাগলী চোৰ

asomiyapratidin

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ বৃহত্তৰ বটদ্ৰৱা অঞ্চলত ৰাস্তাৰ কাষৰ পৰা চোৰে বহু কৃষকৰ গৰু ছাগলী লৈ যোৱাৰ অভিযোগ উত্থাপিত হৈ অহাৰ সময়তেই বটদ্ৰৱাৰ ভোমোৰাগুৰি লালুংগাঁৱৰ ৰাইজে বুধবাৰে আটক কৰে দুটা ছাগলী চোৰক। সাধন দাস আৰু পাপুমনি নাথ নামৰ চোৰ দুটাই বুধবাৰে লালুংগাঁৱৰ পৰা দুটা ছাগলী চোৰ কৰি এএছ-০২-এচি-৩৪৯১ নম্বৰৰ এখন টেম্প'ত ভৰাই লৈ যাবলৈ ধৰিছিল। ঠিক সেই সময়তে টেম্প'খনৰ যান্ত্ৰিক বিজুতি হয়।

লগে লগে স্থানীয় ৰাইজে গম পাই ছাগলীসহ হাতে-লুটে ধৰি চোৰ দুটাক বটদ্ৰৱা আৰক্ষীক চমজাই দিয়ে। চোৰ দুটাৰ বিৰুদ্ধে বটদ্ৰৱা আৰক্ষীয়ে ৩৭৯, ৫১১ ধাৰাত ২৫৮/১৯ নম্বৰৰ গোচৰ ৰুজু কৰি চোৰ দুটাক জেল হাজোতলৈ প্ৰেৰণ কৰে।