অসম

অযোধ্যাৰ ৰাম মন্দিৰৰ ভূমি পূজন অনুষ্ঠানৰ লগত সংগতি ৰাখি বটদ্ৰৱা থানত নাম কীৰ্তন…

asomiyapratidin


ডিজিটেল সংবাদ, বটদ্ৰৱাঃ অযোধ্যাৰ ৰাম মন্দিৰৰ ভূমি পূজন অনুষ্ঠানৰ লগত সংগতি ৰাখি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাৰ থানৰ ভকত বৈষ্ণৱ সকলে মংগল কামনা কৰি বটদ্ৰৱা থানত বন্তি প্ৰজ্বলন কৰি নাম কীৰ্তন কৰে।

বটদ্রৱা থানৰ দুপৰীয়া প্ৰসংগৰ পাছত ঠিক ১২ বজাৰ লগে লগে গুৰুজনাৰ স্মৃতি বিজড়িত শংকৰ শিলিখা বৃক্ষৰ তলত সমবেত হৈ বন্তি প্ৰজ্বলন কৰি "জয় জয় ৰাম জয় শ্ৰীৰাম, জয় সনাতন হৰি" শীৰ্ষক কীৰ্তন পৰিবেশন কৰি মুখৰিত কৰি তোলে।