অসম

বটদ্ৰৱা চৰকাৰী বালক নিম্ন বুনিয়াদী বিদ্যালয়ত সদৌ অসম চৰকাৰী বুনিয়াদী শিক্ষক সন্থাৰ সভা…

asomiyapratidin

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ নগাঁও জিলাৰ বটদ্ৰৱা চৰকাৰী বালক নিম্ন বুনিয়াদী বিদ্যালয়ত বুধবাৰে সদৌ অসম চৰকাৰী বুনিয়াদী শিক্ষক সন্থাৰ এখনি গুৰুত্বপূৰ্ণ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। সদৌ অসম চৰকাৰী বুনিয়াদী শিক্ষক সন্থাৰ সভাপতি ৰত্নাকৰ নাথে সভাখনিত সভাপতিত্বত কৰে।

সভাত চৰকাৰী বিদ্যালয়ৰ শিক্ষক সকলৰ স্বাস্থ্য বীমা, বছেৰেকত ৩০ দিনৰ আৰ্জিত ছুটী, নিম্ন বুনিয়াদী বিদ্যালয়ত প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰা, স্নাতক গ্ৰেড পে ৮৭০০ টকা পুনৰ প্ৰদান কৰা, খালী পদত নিযুক্তি দিয়া, চাকৰি সেৱা বিধি আদি কেইবাটাও প্ৰস্তাৱ অনুমোদন দি পৰবৰ্তী সময়ত চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰা সিদ্ধান্ত গ্ৰহণ কৰা হয়।

সদৌ অসম চৰকাৰী বুনিয়াদী শিক্ষক সন্থাৰ সম্পাদক নৰেশ চন্দ্ৰ হাজৰিকাই আঁত ধৰা সভাখনিত কলিয়াবৰৰ ৰাজ্যিক পুৰস্কাৰ প্ৰাপ্ত শিক্ষক মুক্তি নাথ গোস্বামী, সভাপতি ৰত্নাকৰ নাথ আৰু বিটিচিৰ প্ৰতিনিধি দীনেশ চন্দ্ৰ মুছাহাৰীক নগাঁও জিলা সমিতিৰ সভাপতি তুৱাৰাম বৰুৱাই সম্বৰ্ধনা জনায়।কোভিড প্ৰট'কল ৰক্ষা কৰি অনুষ্ঠিত সভাখনিৰ শেষত শলাগৰ শৰাই আগবঢ়াই তুৱাৰাম বৰুৱাই।