অসম

শ্ৰীমন্ত শংকৰদেৱৰ জন্ম জয়ন্তীত বৈকুণ্ঠপুৰীত পৰিণত বটদ্ৰৱাৰ নামঘৰ প্ৰাঙ্গন… VIDEO

asomiyapratidin

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ শৰতৰ নিশা শ্রীকৃষ্ণৰ লীলা। গুৰুজনাৰ জন্মভূমিত গুৰু জন্ম জয়ন্তী উপলক্ষে ভক্ত প্ৰাণ ৰাইজৰ মাজত পাৰ ভঙা উৎসাহ। জগত গুৰু শ্রীমন্ত শঙ্কৰ দেৱৰ পবিত্র জন্মস্থান বটদ্রৱাত শিশুৰ পৰা আশীৰ উৰ্ধৰ বৃদ্ধলৈ এজাক কুশীল দেৱ বাদ্য খোল-তাল, ডবাৰ শব্দত বৈকুন্ঠ পুৰীলৈ পৰিণত কৰিলে নাটঘৰ প্রাঙ্গন।

নান্দনিক অভিনয়, নৃত্য, বিলাপ পয়াৰৰ সমাহাৰেৰে স্বৰ্গ মৰ্ত্ত্য পাতালৰ সৌন্দৰ্য্যৰ সমাবেশৰ হিলদল তুলি দৃষ্টিনন্দন কৰি তুলে। এই অপূৰ্ব দৃশ্যই মোহিত কৰি তুলিলে উপস্থিত দৰ্শকসকলক। শৰৎৰ সেমেকা নিশাকো নেউচি সকলো ব্যষ্ট হৈ পৰিল ভাঁওনা চোৱাত।

উত্তৰে আকাশী গংগাৰ পৰা প্ৰৱাহিত হোৱা হিম চেঁচা মলয়া বতাহ জাকেও যেন গা লৰাব নোৱাৰিলে দৰ্শক ৰাইজক। হাতত ধনু, কাঁড়, গদা, যাঠি লৈ নাটঘৰত ভাওনা পৰিৱেশন কৰিলে বিপুল প্ৰতিভাৰ সন্ধানী পুৰুষকলে।

বটদ্ৰৱা থান পৰিচালনা সমিতিৰ উদ্যোগত ৭ অক্টোবৰৰ পৰা তিনিদিনীয়াকৈ বৰ্নাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত গুৰুজনাৰ ৫৭১ সংখ্যাক জন্ম জয়ন্তী মহোৎসৱৰ ৯ অক্টোৱৰ বুধবাৰে নিশা বটদ্ৰৱাৰ জাজৰি বাসী ৰাইজে পৰিবেশন কৰে "কালযবন বধ" ভাওনা। এনেদৰেই গুৰুজনাৰ জন্মভূমিত গুৰুজয়ন্তী উপলক্ষে গুৰুজনাৰ সৃষ্টি ৰাজিৰ পৰিবেশনেৰে জীপাল কৰি চহকী কৰিলে অসমীয়া সংস্কৃতি।