অসম

বটদ্ৰৱাত উত্তপ্ত পৰিস্থিতি, শিক্ষকে বিচৰা ধন নিদিয়াৰ বাবেই ২৫ জন ছাত্ৰ-ছাত্ৰী অনুত্তীর্ণ হোৱাৰ অভিযোগ অভিভাৱকৰ…

asomiyapratidin

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ নগাঁও জিলাৰ বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত আইলক্ষ্মী আঞ্চলিক আত্মানন্দদেৱ উচ্চ মাধ্যমিক বিদ্যালয়ত শনিবাৰে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। শুকুৰবাৰে ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত আইলক্ষ্মী আঞ্চলিক আত্মানন্দদেৱ উচ্চ মাধ্যমিক বিদ্যালয়ৰ ২৫ গৰাকী ছাত্ৰ-ছাত্ৰীৰ অনুতীৰ্ণ হোৱাৰ পাছত এই পৰিস্থিতিৰ সৃষ্টি হয়। শনিবাৰে বিদ্যালয়খনৰ চৌহদত উপস্থিত হৈ বিদ্যালয়খনত অধ্যয়নৰত কেইবাগৰাকী মেধা ছাত্ৰ-ছাত্ৰী আৰু তেওঁলোকৰ অভিভাৱক-অভিভাবিকাই প্ৰতিবাদ সাব্যস্ত কৰে।

ছাত্ৰ-ছাত্ৰী সকলে "আমাক ন্যায় লাগে", "ঘোঁচখোৰ শিক্ষকক জেলত ভৰাব লাগে" আদি শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে। শনিবাৰে প্ৰতিবাদ স্থলীৰ পৰা কেইবাগৰাকী ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱক অভিভাবিকাই শিক্ষকৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ উত্থাপন কৰে। তেওলোকৰ অভিযোগ মতে, শিক্ষকে বিচৰা ধন নিদিয়াৰ বাবেই ২৫ জনকৈ ছাত্ৰ ছাত্ৰী অনুত্তীর্ণ হৈছে। সেয়ে শিক্ষক বিৰুদ্ধে ছাত্ৰ ছাত্ৰীয়ে ওলাই আহি আজি বিদ্যালয়খনৰ গেটৰ সন্মুখত ঘোচখোৰ শিক্ষকক গ্ৰেপ্তাৰৰ দাবীত পৰিবেশ উত্তাল কৰি তোলে। ছাত্ৰ ছাত্ৰীৰ দাাবী, আমাৰ মূল্যবান এটা বছৰ নষ্ট কৰা এই বিদ্যালয়ৰ শিক্ষকৰ বিৰুদ্ধে চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰক।