অসম

বটদ্ৰৱা থানৰ শলগুৰি সত্ৰৰ সত্ৰাধিকাৰ পৰমানন্দ দেৱ মহন্তৰ দেহাৱসান…

asomiyapratidin

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ মহাপুৰুষ শংকৰদেৱৰ একশৰণ নাম ধৰ্মৰ প্ৰচাৰ প্ৰসাৰতেই সমগ্ৰ জীৱন উৎসৰ্গা কৰা চিৰকৌমাৰ্য ব্ৰতাৱলম্বী জিতেন্দ্ৰিয় চিৰতৰুণ ব্যক্তি তথা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম স্থান বটদ্ৰৱা থানৰ শলগুৰি সত্ৰৰ সত্ৰাধিকাৰ পৰমানন্দ দেৱমহন্ত মঙলবাৰে নিশা বটদ্ৰৱাৰ নিজ বাসগৃহত ইহলীলা সম্বৰণ কৰে।

১৯২৫ চনত বটদ্ৰৱা থানৰ পাটশিলাৰ কাষতে লাগি থকা এটি কুটীৰত পিতৃ শলগুৰি সত্ৰৰ সত্ৰাধিকাৰ প্ৰয়াত যোগেশ্বৰ দেৱমহন্ত আৰু মাতৃ বিদ্যাকান্তি দেৱীৰ ঔৰষত জন্ম গ্ৰহণ কৰি পৰবৰ্তী পৰ্য্যায়ত বটদ্ৰৱা থানৰ হাটীবহাত থাকি গুৰুসেৱাত নিৰন্তৰ বিভিন্ন লোকক একশৰণ নাম ধৰ্মত দীক্ষিত কৰি শৰন ভজন দি পবিত্র তথা শান্তি পূৰ্ন জীৱনৰ সন্ধান দিয়া পৰমানন্দ দেৱমহন্তৰ বিয়োগত বটদ্ৰৱাত শোকৰ ছাঁ পৰিছে।