অসম

বটদ্ৰৱাৰ ঐতিহাসিক শান্তিজান জলপৃষ্ঠত বান্ধ নিৰ্মাণৰ জৰিয়তে পুনৰ বেদখল…

asomiyapratidin

ডিজিটেল সংবাদ, বটদ্ৰৱা : ২০১৬ চনৰ ছেপ্তেম্বৰ মাহত বেদখল মুক্ত হোৱা বটদ্ৰৱা থানৰ আকাশী গংগাৰ তীৰৰ ১৬০ বিঘা মাটিত অহা ২৫ ফেব্ৰুৱাৰীত গৃহমন্ত্ৰী অমিত শ্বাহে সত্ৰীয়া পৰম্পৰাৰে শুভাৰম্ভ কৰিব। অমিত শ্বাহৰ আগমনৰ প্ৰাকমুহূৰ্তত পুনৰ বটদ্ৰৱা থানৰ শান্তিজান জলপৃষ্ঠত চলিছে বেদখল। গুৰুজনাৰ পবিত্ৰ জন্মস্থান বটদ্ৰৱা থানৰ আকাশী গঙ্গা তীৰত থকা ভূমিখণ্ড চৰকাৰৰ পৃষ্ঠপোষকতাত ইতিমধ্যে বেদখল মুক্ত হ'ল যদিও এতিয়াও চৰকাৰী বহু ভূমি আৰু বিশেষকৈ বটদ্ৰৱা থানৰ দাঁতিকাষৰীয়া প্ৰায় ৯৬২ বিঘা ভূমি এতিয়াও বেদখলকাৰীৰ কবলত।

শেহতীয়াভাৱে দেশৰ গৃহমন্ত্ৰীৰ ভ্ৰমন সূচীৰ সময়তে বটদ্ৰৱাৰ ঐতিহাসিক শান্তিজান জলপৃষ্ঠত একাংশ দুস্কৃতিকাৰীয়ে মীন পালনৰ নাম লৈ বান্ধ নিৰ্মাণ কৰি পুনৰ অবৈধ ভাৱে চলাইছে বেদখল। অসম চৰকাৰে আকাশী গঙ্গাৰ তীৰত ১৬০ বিঘা ভূমি বেদখল মুক্ত কৰিলে যদিও বটদ্ৰৱাৰ প্ৰাচীন ইতিহাসৰ ঘটণাবহুল পৰিক্ৰমাৰ স্মৃতি স্বৰূপ শান্তিজান জলপৃষ্ঠৰ মাজভাগত শান্তিজানৰ বজাৰখনৰ বিপৰীত দিশত থকা গোসাঁইঘাট খ্যাত তাহানিৰ বটদ্ৰৱাৰ জনজীৱনৰ লগত নিবিড় সম্পৰ্ক থকা জলপৃষ্ঠৰ মাজত মীন পালনৰ নামত বৃহৎ বান্ধ নিৰ্মাণ কৰি একাংশই পুনৰ বেদখল আৰম্ভ কৰিছে।

এনে কালজয়ী ইতিহাস বিজড়িত সম্পদৰ ওপৰত শেহতীয়াকৈ দুস্কৃতিকাৰীয়ে চলাইছে বেদখল। এনেবোৰ অবৈধ কাৰ্য্যকলাপেৰে এই সকল বেদখলকাৰীয়ে বটদ্ৰৱাৰ জনজীৱনলৈ চৰম ভাবুকি কঢ়িয়াই আনিছে। প্ৰকাশ থাকে যে বটদ্ৰৱা আৰক্ষীৰ নিষ্ক্ৰীয় ভূমিকাৰ বাবেই চৰকাৰী ভূমিখণ্ডৰ ওপৰত বেদখলকাৰীৰ দপদপনি বৃদ্ধি পাই আহিছে।