অসম

বটদ্ৰৱাত উন্নয়ন খণ্ডৰ অন্তৰ্গত ৭ টা পঞ্চায়তৰ ৩৪ টা আঁচনিৰ আধাৰশিলা স্থাপন

asomiyapratidin

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ নগাঁও জিলাৰ বটদ্ৰৱা উন্নয়ন খণ্ডৰ অন্তৰ্গত ৭টা পঞ্চায়তত ৩৪ টা আঁচনিৰ মঙলবাৰে আধাৰশিলা স্থাপন কৰা হয়। উন্নয়ন খণ্ডটোৰ অন্তৰ্গত বটদ্ৰৱা সত্ৰ, ভোমোৰাগুৰি, শিলপুখুৰী, টুকটুকী, কটহগুৰি, ধনীয়াভেটি আৰু আমলখি পঞ্চায়তৰ মুঠ ৩৪টা আঁচনিৰ অধিকাংশই পথ নিৰ্মাণৰ লগত জড়িত।

চতুৰ্দশ বিত্তীয় আয়োগৰ অধীনত নিৰ্মাণ হ'বলগীয়া এই আঁচনিৰ আধাৰশিলাৰ দিনযোৰা কাৰ্য্যসূচীৰ অনুষ্ঠান সমূহত বটদ্ৰৱা উন্নয়ন খণ্ডৰ খণ্ড বিষয়া মণ্টু ডেকাৰ লগতে বটদ্ৰৱা মণ্ডল বিজেপিৰ সভানেত্ৰী দুলু মনি কলিতা, বিজেপিৰ সংখ্যালঘু মৰ্চাৰ সাধাৰণ সম্পাদক গুলজাৰ হুুছেইন, কলিয়াবৰ জিলাৰ সম্পাদক ৰাতুল নায়ক, বটদ্ৰৱা মণ্ডলৰ প্ৰাক্তন সভাপতি মুকুল শইকীয়া, পঞ্চায়ত সমূহৰ সচিব, পঞ্চায়ত সমূহৰ সভাপতি-সভানেত্ৰী সকলকে প্ৰমুখ্য কৰি শতাধিক ব্যক্তি উপস্থিত থাকে।