অসম

মাধৱ সংস্কৃতি ন্যাসৰ উদ্যোগত বটদ্রৱাত অনুষ্ঠিত হ’ব নাটক কৰ্মশালা…

asomiyapratidin

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ মাধৱ সংস্কৃতি ন্যাসৰ উদ্যোগত অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ সহযোগত অহা ১৭ অক্টোবৰৰ পৰা বটদ্রৱাত মাহযোৰা কাৰ্যসূচীৰে নাটক কৰ্মশালা অনুষ্ঠিত হব। সেইমৰ্মে বটদ্ৰৱা থানৰ আকাশী গংগাৰ তীৰত অৱস্থিত সাংস্কৃতিক সঞ্চালকালয়ত বুধবাৰে এখনি সভা অনুষ্ঠিত হয়। বটদ্ৰৱা নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ দেৱানন্দ দেৱগোস্বামীয়ে এগছি বন্তি প্ৰজ্বলনেৰে আৰম্ভ কৰা সভাত অৰুণাচল প্ৰদেশৰ নৃত্যাংগন ডাঞ্চ এণ্ড মিউজিক একাডেমীৰ অধ্যক্ষ শিল্পী অমিত কুমাৰ মুখাৰ্জী, বোলছবি, নাটক পৰিচালক ৰাজীৱ বৰঠাকুৰ, নাট্যকৰ্মী প্ৰদীপ কলিতা, দিব্যজ্যোতি বৰুৱাই ভাষন প্ৰদান কৰে।

সভাৰ সিদ্ধান্ত মৰ্মে ৰাজ্যত চলি থকা প্ৰচণ্ড গ্ৰীস্ম প্ৰৱাহৰ বাবে শ্ৰীমন্ত শংকৰদেৱৰ জন্মজয়ন্তী তথা শাৰদীয় দুৰ্গোৎসৱৰ পাছত তথা ১৭ অক্টোবৰ পৰা বটদ্রৱা থানৰ আকাশী গংগাৰ তীৰৰ নৈসৰ্গিক পৰিবেশত মাহজোৰা কাৰ্যসূচী অনুষ্ঠিত হ'ব নাটক কৰ্মশালা। ১২ বছৰ উৰ্ধৰ সকলো লোকৰ বাবে মুকলি এই কৰ্মশালাত আৱাসিক সুবিধা উপলব্ধ হ'ব। ডাঃ আলেখ্য বৰুৱা, আশা বৰদলৈ, নয়ন নিৰ্বান বৰুৱা, আকাশদ্বীপ ডেকা, দয়াল কৃষ্ণ নাথ, মনোজ শইকীয়া, দীপক বৰাকে আদি কৰি ৰাজ্যৰ কেইবাগৰাকী বিশিষ্ট চলচিত্ৰ-নাট্য শিল্পীয়ে প্ৰশিক্ষণ প্ৰদান কৰিবলগীয়া এই কৰ্মশালাৰ সবিশেষ জানিবলৈ ৭০০২০৮৭৬৭৯ (70020 87679) নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে উদ্বোক্তা সমিতিয়ে। লক্ষ্যধৰ তালুুকদাৰ, কস্তুৰী বৰুৱাই আঁত ধৰা নাটক কৰ্মশালাৰ আৰম্ভণি সভাখনিত মুনীন্দ্ৰ ভূঞা, মিন্টু বৰুৱা, পল্লবীতা মহন্ত, মনোজ শইকীয়াকে প্ৰমুখ্য কৰি কেইবাগৰাকী ব্যক্তি উপস্থিত থাকে।